কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰঃ ৰাজ্যৰ প্ৰশাসনত সালসলনি

- অসম-মিজোৰাম সীমান্তত মিজোৰ গুলীবৰ্ষণ ঘটনাৰ পাছতে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত কৰা হৈছে কিছু সালসলনি।
- হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰক কাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
- চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
- যানবাহন শাখাৰ উপ আয়ুক্ত প্ৰাণজিত বৰাক চিৰাং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
- সোমবাৰে দুৰ্বৃত্তৰ সহায়ত মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ গুলী চালনা কৰা ঘটনাত গুলীবিদ্ধ হৈছিল কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকী।
- জিলাখনৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ দেহত চাৰিটাকৈ গুলী লগাৰ তথ্য পোহৰলৈ আহিছে।
- উন্নত চিকিৎসাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীক মহাৰাষ্ট্ৰলৈ এয়াৰ লিফ্ট কৰা হৈছে।
The post কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰঃ ৰাজ্যৰ প্ৰশাসনত সালসলনি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zDu6yo
via IFTTT
Comments
Post a Comment