সংসদত গৃহীত হ’ল Marine Aids to Navigation Bill 2021

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে সংসদত গৃহীত কৰে ৯০ বছৰীয়া পুৰণি এখন বিধেয়ক। ১৯২৭চনৰ Lighthouse Actক Marine Aids to Navigation Bill, 2021 গৃহীত হয় মঙলবাৰে। এই বিধেয়কখনে দেশৰ সামুদ্ৰিক ক্ষেত্ৰত আমুল পৰিৱৰ্তন সাধন কৰিব। অত্যাধুনিক প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত সামুদ্ৰিক তথা জল পৰিবহনৰ ক্ষেত্ৰত এই আইনখন বিশেষ সহায়ক হব।
এই বিধেয়কখন গৃহীত হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,-মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বই ভাৰতৰ সামুদ্ৰিক খণ্ডত বৃহৎ শক্তি যোগ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী পূৰণ কৰি, নতুন বিধেয়কখনে ঔপনিৱেশিক যুগৰ আইনৰ সলনি আধুনিক আইন প্ৰস্তুত কৰে যি সামুদ্ৰিক উদ্যোগৰ সমসাময়িক প্ৰয়োজনীয়তা পূৰণ কৰে। এই বিধেয়কখনে অনাগত দিনত ভাৰতৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলাব।
The post সংসদত গৃহীত হ’ল Marine Aids to Navigation Bill 2021 appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/371p96o
via IFTTT
Comments
Post a Comment