উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৯৮.৯৩, বিজ্ঞানত ৯৯.০৬ আৰু বাণিজ্যত ৯৯.৫৭ শতাংশ উত্তীৰ্ণ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰিলে ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
কোভিড মহামাৰীৰ বাবে যদিও পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল কিন্তু মূল্যাংকন পদ্ধতিৰে এই ফলাফলসমূহ ঘোষণা কৰা হৈছে৷
২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫ গৰাকী৷
ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৫৮২৪৪ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
সৰ্বমুঠ উত্তীৰ্ণ ১,৮৯,৭৯৩ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৯৮.৯৩ শতাংশ।
ঠিক সেইদৰে বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৮,৪৩০ গৰাকী৷
ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৩২৯১৭ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৪৬০৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৪২ গৰাকী ছাত্ৰ-ছাত্ৰী।
সৰ্বমুঠ উত্তীৰ্ণ ৩৮,০৬৮ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৬ শতাংশ।
আনহাতে, বাণিজ্য শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১৮৪৪৩ গৰাকী৷
ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ১১১৮৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫৪৯৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৬৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী।
সৰ্বমুঠ উত্তীৰ্ণ ১৮,৩৬৪ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৫৭ শতাংশ।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল আৰু ডিজিটেল মাৰ্কশ্বিট এই ৱেবচাইট সমূহত লাভ কৰিবলৈ সক্ষম হ’ব—
www.assamresult.in
www.NeCareer.com
www.ahsec.assam.gov.in
www.assamjobalerts.com
www.schools9.com
www.results.shiksha
www.indiaResults.com
The post উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৯৮.৯৩, বিজ্ঞানত ৯৯.০৬ আৰু বাণিজ্যত ৯৯.৫৭ শতাংশ উত্তীৰ্ণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2TJAUeG
via IFTTT
Comments
Post a Comment