ঢল পুৱাতেই ডাৱৰ বিস্ফোৰণঃ নিহত ৫ সন্ধানহীন ৩৫

ডিজিটেল ডেস্কঃ ঢল পুৱাতেই ডাৱৰ বিস্ফোৰণৰ ফলত ৫ জনকৈ লোকৰ মৃত্যু হ’ল জন্মু কাশ্মীৰত। বুধাবাৰে পুৱা ৪.২০ বজাত জন্মু কাশ্মীৰৰ কিষ্টিৱাড় জিলাৰ হোনজৰ অঞ্চলত সংঘটিত হৈছে এই ডাৱৰ বিস্ফোৰণৰ ঘটনা। ফলত ৫ জনকৈ লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহু কেইজন লোক।

স্থানীয় আৰক্ষীয়ে টুইটাৰৰ জৰিয়তে কিষ্টিৱাড়ত সৃষ্টি হোৱা প্ৰচূৰ বৰষুণৰ বাবে সৃষ্টি হ’ব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিত সহায়ক হ’ব পৰাকৈ কিষ্টৱাড়ৰ এছ এছ পি, অতিৰিক্ত আৰক্ষী আধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ মুখ্য কাৰ্যালয় আদিকে ধৰি কেইবাটাও যোগোযাগ নাম্বাৰ ঘোষণা কৰিছে।

জানিব পৰা মতে এই ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ কবলত পৰিছে ৮ টাকৈ ঘৰ আৰু সন্ধানহীন হৈ থকা ব্যক্তিৰ সংখ্যা প্ৰায় ৩৫ জনলৈ বৃ্দ্ধি হৈছে।

The post ঢল পুৱাতেই ডাৱৰ বিস্ফোৰণঃ নিহত ৫ সন্ধানহীন ৩৫ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BYbnzV
via IFTTT

Comments