ৰাছিয়াৰ সৰ্বোচ্ছ শৃংগ অভিযানৰ বাবে সাজু নৱ ফুকনঃ দিছপুৰত ফ্লেগ অফ, ১ লাখ টকাৰ সাহায্য

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাছিয়া আৰু ইউৰোপৰ সৰ্ব্বোচ্ছ শৃংগ মাউণ্ট এলব্ৰুছুত অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে নৱ ফুকন। এই মাউণ্ট এলব্ৰুছৰ উচ্চতা হৈছে ৫৬৪২ মিটাৰ (১৮,৫১০ ফুট)। ইয়াৰ পূৰ্বে এইগৰাকী পৰ্বতাৰোহীয়ে ২০১৬ চনত মাউণ্ট এভাৰেষ্ট, ২০১৫ চনত কিলিমাঞ্জাৰো সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছিল।

এইগৰাকী পৰ্বতাৰোহীৰ মাউণ্ট এলব্ৰুছৰ অভিযানৰ বাবে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টিডিয়ামত যুটীয়াবাৱে ফ্লেগ অফ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনে। ইয়াৰোপৰি নৱ ফুকনক ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ১ লাখ টকাৰ এখন চেক প্ৰদান কৰে। এই অুষ্ঠানত ক্ৰীড়ামন্ত্ৰী বিমল বৰাই কয় যে, নৱ কুমাৰ ফুকনৰ এই অভিযানে অসমলৈ অধিক সন্মান কঢ়িয়াই আনিব।

উল্লেখ্য যে নৱ কুমাৰ ফুকন অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ এগৰাকী শাৰীৰিক নিৰ্দেশক। তেওঁ বিশ্বৰ ৭ খন পৰ্বত বিজয়ৰ পণ কৰিছে। এভাৰেষ্ট, কিলিমাঞ্জাৰো অভিযান সম্পূৰ্ণ কৰা নৱ কুমাৰ ফুকনে বৰ্তমানলৈকে ভাৰতীয় হিমালয়ৰ কোনো শীৰ্ষ অভিযান কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে নৱ কুমাৰ ফুকনৰ এই এভাৰেষ্ট আৰু কিলিমাঞ্জাৰো অভিযানক লৈয়ো সৃষ্টি হৈছে সন্দেহ। অসমৰ প্ৰথমজন ব্যক্তি হিচাপে কিলিমাঞ্জাৰো আৰোহণ কৰা বুলি প্ৰচাৰ কৰা নৱ কুমাৰ ফুকনৰ কিলিমাঞ্জাৰো অভিযান ভুৱা আছিল বুলি পৰৱৰ্তী সময়ত প্ৰকাশ হৈছিল।

একেদৰে এভাৰেষ্ট আৰোহণক লৈয়ো সৃষ্টি হৈছে বিতৰ্ক। নৱ কুমাৰ ফুকনক নেপালৰ চৰকাৰে ৬ বছৰৰ বাবে নিষিদ্ধ কৰিছে।২০১৬ চনত এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত ভুৱা নথি জমা দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল নেপাল চৰকাৰে। দুই ভাৰতীয় নৰেন্দ্ৰৰ সিং যাদৱ আৰু সীমা ৰাণী গোস্বামীয়ে এভাৰেষ্ট আৰোহণৰ যি আলোকচিত্ৰ প্ৰদান কৰিছিল সেয়া ভুৱা আছিল বুলি প্ৰমাণ হৈছিল।

নৰেন্দ্ৰৰ সিং যাদৱ আৰু সীমা ৰাণী গোস্বামীৰ সেই দলটোৰ নেতৃত্বত আছিল নৱ কুমাৰ ফুকন। সেয়েহে নৰেন্দ্ৰৰ সীং যাদৱ আৰু সীমা ৰাণী গোস্বামীৰ সৈতে নৱ কুমাৰ ফুকনকো ৬ বছৰৰ বাবে নিষিদ্ধ কৰিছে নেপাল চৰকাৰে। তেওঁলোকৰ এই নিষিদ্ধতাৰ সময় আৰম্ভ হৈছে ২০১৬ চনৰ মে’ মাহৰ পৰা।

ইফালে এই ঘটনা সন্দৰ্ভত এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত এই দলোটোৰ লগত যিগৰাকী গাইড আছিল তেওঁৰ বিৰুদ্ধে নেপালত গোচৰ তৰিছে নৰেন্দ্ৰৰ সীং যাদৱে। তেওঁৰ মতে গাইড গৰাকীয়ে এভাৰেষ্টৰ শীৰ্ষত উপনীত হ’বলৈ সক্ষম হোৱা নাছিল বুলি ভুৱা প্ৰচাৰ কৰিছে। তেওঁলোকৰ হাতত এভাৰেষ্টৰ শীৰ্ষত উপনীত হোৱাৰ সকলো প্ৰামণ আছে।

The post ৰাছিয়াৰ সৰ্বোচ্ছ শৃংগ অভিযানৰ বাবে সাজু নৱ ফুকনঃ দিছপুৰত ফ্লেগ অফ, ১ লাখ টকাৰ সাহায্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3f44d2Y
via IFTTT

Comments