আজিৰে পৰা নতুন SOP: তিনি জিলালৈ বৃহৎ সকাহ

- ৰাজ্যত আজিৰ পৰা জাৰি হৈছে নতুন SOP।
- এই SOP অনুসৰি গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।
- পূৰ্বে লকডাউনত থকা যোৰহাট, বিশ্বনাথ, শোণিতপুৰ এই তিনিখন জিলাত শিথিল কৰা হৈছে লকডাউন।
- এই তিনিখন জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
- মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
- কামৰূপ মহানগৰকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ।
- পূৰ্বৰ দৰেই এই নতুন SOP তো বন্ধ ৰখা হৈছে আন্তঃজিলা যাতায়াত ব্যৱস্থা।
- ৩১ জুলাইলৈকে বাহাল থাকিব এই নিৰ্দেশনা।
- পূৰ্বৰ দৰেই এই সময়চোৱাত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি।
The post আজিৰে পৰা নতুন SOP: তিনি জিলালৈ বৃহৎ সকাহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3iVPJDx
via IFTTT
Comments
Post a Comment