মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অৱনতি ঘটিছে সীমান্তৰ পৰিস্থিতিৰ, পাঁচ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিস্ফোৰক মন্তব্য
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অৱনতি ঘটিছে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ। এই অভিযোগ কৰিছে মিজোৰাম, মেঘালয়, মণিপুৰ,নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ যুৱ কংগ্ৰেছৰ সভাপতিসকলে।
পাঁচ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে এক বিবৃতিত এইবুলি অভিযোগ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পিছৰে পৰা অসমৰ চুবুৰীয়া ৰাজ্য কেইখনৰ বিৰুদ্ধে অসমে শক্তি প্ৰয়োগ কৰিবলৈ লৈছে।
ইয়াৰ পৰিণতিতে চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সম্পৰ্কৰ অৱনতি ঘটিছে। বিবৃতি খনত স্বাক্ষৰ কৰিছে অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গেলি ইটি,মণিপুৰকংগ্ৰেছৰ সভাপতি মহানন্দ নুংলিপ্পাম,মেঘালয়ৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰিছাৰ্ড মৰং মাৰাক,মিজোৰাম যুৱ কংগ্ৰেছৰ সভাপতি ডঃ লালমালচাউমা ঘাকা,নাগালেণ্ড যুৱ কংগ্ৰেছৰ সভাপতি লিমায়াংমা লংকুমেৰে।
হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই কাষৰীয়া ৰাজ্যত অসমৰ আৰক্ষীয়ে বল প্ৰয়োগ কৰি থকা বুলি যুৱ কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে অভিযোগ কৰিছে।
সেইবাবেই সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ মনত ক্ষোভৰ জুই জ্বলি উঠিছে।অসম আৰক্ষীয়ে সীমান্তৱৰ্তী অঞ্চলৰ শস্য পথাৰ ধ্বংস কৰাৰো অভিযোগ তুলিছে যুৱ নেতা কেইগৰাকীয়ে।
এনেবোৰ ঘটনাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেই খনৰ সৈতে অসমৰ সম্পৰ্ক অৱনমিত কৰা বুলি তেওঁলোকে কয়। অৱনতি ঘটা পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত নেডাৰ ভূমিকাও পুতৌজনক বুলি যু কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে মন্তব্য কৰিছে।
তেওঁলোকে কয় যে শেহতীয়া ঘটনাক্ৰমে প্ৰমাণ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ বাবে মেডা গঠন কৰা হোৱা নাছিল।
বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত আধিপত্য বিস্তাৰ কৰাৰ বাবেহে নেডা গঠন কৰা হৈছিল বুলি পাঁচ ৰাজ্যৰ যু কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে তীৰ্যক মন্তব্য কৰিছে।
উত্তৰ পূৰ্বাঞ্চলৰ ঐক্য অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও তেওঁলোকে কয়।হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনৰ বাবে মুঠেও যোগ্য ব্যক্তি নহয় বুলিও তেওঁলোকে মন্তব্য কৰিছে।
উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাবলৈ নেতা কেইগৰাকীয়ে দাবী জনায়।
The post মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অৱনতি ঘটিছে সীমান্তৰ পৰিস্থিতিৰ, পাঁচ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিস্ফোৰক মন্তব্য appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3zMSSMJ
via IFTTT
Comments
Post a Comment