বিপিএফৰে মিত্ৰতা সন্দৰ্ভত নতুন ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰা হোৱা নাৱালিকা কিশোৰ কিশোৰীৰ সতে আজি মুখ্যমন্ত্ৰীয়ে মতবিনিময় কৰে । কোকৰাঝাৰৰ বালাগাঁওস্থিত চিআইটিৰ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰীয়ে মানৱ সৰবৰাহকাৰীৰ কবলৰ উদ্ধাৰ হোৱা ৪২ গৰাকী নাৱালিকা কিশোৰ কিশোৰীৰ সতে মত বিনিময় কৰে ।
উল্লেখ্য যে চিৰাং জিলাৰ দাদগিৰি আৰু ৰুণীখাতাৰ বিস্তৃৰ্ণ অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীয়ে ৮০ গৰাকী নাৱালিকা কিশোৰ কিশোৰীক চিকিমলৈ চালান দিছিল আৰু ইয়াৰে ৪২ গৰাকী কিশোৰ কিশোৰীক কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে উত্তৰ চিকিমৰ পৰা উদ্ধাৰ কৰিছিল । মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা শিশুসমুহক উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ বেষ্টনীত কোকৰাঝাৰ সদৰ চহৰৰ প্ৰশান্তি লজত ৰখা হৈছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে চিআইটিৰ প্ৰেক্ষাগৃহত শিশুসকলৰ সতে মত বিনিময় কৰে ।
ইপিনে উপ নিৰ্বাচন আৰু বিপিএফৰ সতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো হিমন্তই বিস্ফোৰক মন্তব্য কৰে । থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি আন কেবাগৰাকী বিধায়ক বিজেপিলৈ আহিব বুলি মন্তব্য কৰি বিপিএফৰ সতে কোনো শত্ৰু নাই বুলি মন্তব্য কৰি মিত্ৰতা সন্দৰ্ভত ইতিবাচক মন্তব্য কৰিছে ।
The post বিপিএফৰে মিত্ৰতা সন্দৰ্ভত নতুন ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3j3tVWJ
via IFTTT
Comments
Post a Comment