কোৰোনাকালীন সময় অপব্যয় নকৰি সাহিত্য চৰ্চা আৰু ছবি আঁকি পাৰ কৰিছে বকোৰ মনীষাই..

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোৰ মেধাবী ছাত্ৰী এগৰাকীয়ে কোৰোনা কালৰ সময়ত ঘৰত পাঠ্যপুথি অধ্যয়ন কৰাৰ উপৰিও ছবি আঁকি, সাহিত্যচৰ্চা কৰি সময়বোৰ সুন্দৰ ভাৱে অতিবাহিত কৰিছে ।৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ হৰিপুৰগাঁৱৰ মনীষা কলিতা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ মেধাবী ছাত্ৰী। ছাত্ৰীগৰাকীৰ প্ৰধান বিষয় শিক্ষাবিজ্ঞান ।ছাত্ৰীগৰাকীয়ে বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা ২০১৬ বৰ্ষত ৭৮শতাংশ নম্বৰেৰে ইংৰাজী আৰু অসমীয়া বিষয়ত ক্ৰমে- ৯০শতাংশ, ৮৯ শতাংশ লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
একেদৰে ছাত্ৰীগৰাকীয়ে ২০১৮ বৰ্ষত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষতো ৮২শতাংশ নম্বৰ লাভকৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় । অৱসৰপ্ৰাপ্ত শিক্ষক নকুল কলিতা আৰু নীলিমা কলিতাৰ কনিষ্ঠ কন্যা মনীষা কলিতাই পঢ়াত যেনেদৰে মেধাবী ঠিক তেনেদৰে ছবি অঁকা, সাহিত্য সৃষ্টিতো পাৰ্গত । ২০১১ বৰ্ষত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই বিদ্যালয়ত ‘সুধাকণ্ঠ ড৹ভূপেন হাজৰিকা’ৰ জীৱনৰ ওপৰত কবিতা লিখি প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছিল । ২০২০-২১ বৰ্ষত মহাবিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছে । মনীষা কলিতাই মহাবিদ্যালয়খনৰ মহাবিদ্যালয় সপ্তাহত পৰ্যায়ক্ৰমে- উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষত ৰচনা আৰু কবিতা প্ৰতিযোগিতাত প্ৰথম, স্নাতক প্ৰথম ষান্মাসিকত কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম আৰু তৃতীয় ষান্মাসিকত কবিতা আৰু ৰচনা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ।
২০২০-২১ বৰ্ষৰ বকোৰ দীক্ষিতা চুইটচ এণ্ড বেকাৰীয়ে আয়োজন কৰা প্ৰতিযোগিতাৰ কবিতা লিখা প্ৰতিযোগিতাত মনীষাই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।কোভিডৰ এই সময়ত এইঘৰাকী ছাত্ৰীয়ে ঘৰতে থাকি বাহিৰা কিতাপ, পাঠ্যপুথি অধ্যয়নৰ লগতে ছবি আঁকাৰ লগতে সাহিত্যচৰ্চা কৰাত ব্যস্ত আছে।মনিষা কলিতাৰ ভৱিষ্যতে শিক্ষকতাৰ বৃত্তিত জড়িত হোৱাৰ মন। মনীষা কলিতাৰ জ্যেষ্ঠ ভগ্নী দৃষ্টি কাশ্যপ কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭২শতাংশ , উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত ৭৮শতাংশ নম্বৰ লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কিছুদিন পূৰ্বে শিক্ষা বিভাগৰ জৰিয়তে শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে ।
মনীষা আন এগৰাকী ভগ্নী নিশিকা কলিতাই ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে সত্ৰীয়া নৃত্যত বিশাৰদ ডিগ্ৰীলৈ বকোৰ ঢেকীয়াবৰী শংকৰদেৱ শিশু নিকেতনত শিক্ষকতা কৰি আছে ।এক কথাত ক’বলৈ গ’লে শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন দিশৰ ফালৰ পৰা আগবঢ়া মনীষা কলিতাই জন্মগ্ৰহণ কৰা পৰিয়লটো হৰিপুৰগাঁৱখনৰ ভিতৰতে এটা আদৰ্শ পৰিয়াল ।
The post কোৰোনাকালীন সময় অপব্যয় নকৰি সাহিত্য চৰ্চা আৰু ছবি আঁকি পাৰ কৰিছে বকোৰ মনীষাই.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3iSmgKJ
via IFTTT
Comments
Post a Comment