পুৱাৰ খবৰ…

১. ভয় ভাবুকি আৰু প্ৰলোভনেৰে এগৰাকী নাবালিকা কিশোৰীক বলপূৰ্বক আবদ্ধ কৰি ধৰ্ষণ কৰাৰ অভিযোগত শুক্ৰবাৰে দুই পিতা পুত্ৰই ৰঙা ঘৰৰ আলহী হব লগা হয় । নিৰ্যাতিতা কিশোৰী গৰাকীয়ে এই সমস্ত দুষ্কাৰ্যৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত নিজে ৰুজু কৰা এক গোচৰৰ ভিত্তিত শুক্ৰবাৰে দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লখিমপুৰৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
২. বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত শুকুৰবাৰে স্থানীয় সাংবাদিকসকলৰ সৈতে এখনি সভাত মিলিত হয় মহকুমাটোৰ নৱনিযুক্ত মহকুমাধিপতি ডাঃ নেহা যাদৱ । নৱনিযুক্ত মহকুমাধিপতিগৰাকীক সকলো সাংবাদিকৰ হৈ আদৰণি জনায় অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই ।
৩. যোৱা ২৬জুলাই মিজোৰাম সীমান্ত সংঘটিত হোৱা ঘটনাক লৈ ক্ৰমান্বয়ে কঠোৰ হৈছে অসম। প্ৰথমে মিজোৰাম ভ্ৰমণ প্ৰত্যাহাৰ কৰিবলৈ জনোৱা আহ্বানৰ পিছতে এইবাৰ অসম আৰক্ষীয়ে মিজোৰামৰ ৬গৰাকী আৰক্ষী বিষয়ালৈ জাৰি কৰিছে চমন। ২ আগষ্ট পুৱা ১১বজাত মিজোৰাম আৰক্ষী বিভাগৰ ছয়জন বিষয়াক ধলাই আৰক্ষী থানাত হাজিৰ হবলৈ চমন প্ৰেৰণ কৰা হৈছে। কাছাৰৰ অতিৰিক্ত উপায়ুক্ত কল্যাণ কুমাৰ দাসে জাৰি কৰিছে এই চমন।
৪. আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বিসংগতিৰ বাবে সৃষ্টি হয় এক হুূলস্থলীয়া পৰিৱেশৰ।এই ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ বকোত।কামৰূপ জিলাৰ বকো হাইস্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।একাংশ ছাত্ৰ-ছাত্ৰী,অভিভাৱকে ঘেৰাওঁ কৰে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক।
৫. মিজো আৰক্ষীৰ গুলিত ছয় জন অসম আৰক্ষীৰ মৃত্যু আৰু পঞ্চাশ জনতকৈ অধিক লোক আহত হোৱা ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী বিচাৰপতিৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনাইছে ‘নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি’ চমুকৈ CRPCC অসমে । শুকুৰবাৰে শিলচৰত এক সংবাদ মেলপাতি এই দাবী জনায় CRPCCয়ে ৷ যোৱা ২৬ জুলাইত সংঘটিত লাইলাপুৰৰ বৰ্বৰ ঘটনাৰ বাবে কেন্দ্র আৰু ৰাজ চৰকাৰকে দায়ী কৰে CRPCC য়ে ।
৬. মায়ঙৰ শংকৰদেৱৰ বিদ্যা নিকেতন ৰ কীৰ্তি ছাত্ৰ কিশোৰ কুমাৰ ডেকাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯০ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ভিতৰতে নাম উজ্বলাই তোলা ছাত্ৰ গৰাকীৰ এই সফলতাৰ বাবে উৎফুল্লিত হৈ পৰিছে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু মায়ং অঞ্চলৰ ৰাইজ।কৰুণা মহামাৰীৰ বাবে পৰীক্ষাত বহিব নোৱাৰি দুখ প্ৰকাশ কৰিছে ছাত্ৰ জনে।
৭. শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য। অতিশীঘ্ৰেই পৰ্যায়ক্ৰমে অসমত খোলা হ’ব বিদ্যালয়। প্ৰথম পৰ্যায়ত আৰম্ভ হ’ব নৱম,দশম,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান । বিদ্যালয় খোলাৰ ক্ষেত্ৰত চৰকাৰে প্ৰকাশ কৰিব নতুন sop। পৰৱৰ্তী সময়ত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো লোৱা হ’ব পৰিকল্পনা ।
৮. অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে দুৰ্বৃত্তৰ সহায়ত অসম আৰক্ষীলৈ গুলী চালনা কৰি ৬ জনকৈ আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছতেই বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছিল মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই।সীমান্তলৈ অসম আৰক্ষী গ’লে আকৌ গুলীয়াই মাৰিম বুলি কৈ দুয়ো ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি কৰিছিল সাংসদজনে। ইয়াৰ পাছতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
৯. এজনৰ পাছত আন এজন ভাৰতীয় ক্ৰিকেটাৰ কোভিড পজিটিভ ৰূপে চিহ্নিহ হৈছে। শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলটোত চলাইছে কোৰোনাই সন্ত্ৰাস। ক্ৰুণাল পাণ্ডিয়া কোভিডত আক্ৰান্ত হোৱাৰ পাছতেই পুনৰ কোভিড পজিটিভ হিচাপে ধৰা পৰিছে আন দুজন ক্ৰিকেটাৰ। য়ুজবেন্দ্ৰ চাহাল আৰু কে গৌতম কোৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে।
১০. প্ৰত্যাক্ষিতভাৱেই কংগ্রেছ দলৰ পৰা পদত্যাগ সুশান্ত বৰগোহাঁইৰ।১০৭ নং থাওৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক সুশান্ত বৰগোহাঁই।অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ থাওৰাৰ বিধায়কজনে প্রেৰণ কৰিলে পদত্যাগ পত্র।শনিবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা সুশান্ত বৰগোহাঁইৰ।
The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lc6f4X
via IFTTT
Comments
Post a Comment