১মিনিটত ২৫খবৰ…

১

১. কোভিড কালত মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈয়ে আজি ঘোষণা হ’ল ফলাফল। নাই কোনো বিশেষ উত্কণ্ঠা, নাই কোনো উছাহ।

২. লাইলাপুৰলৈ অসম আৰক্ষীৰ বৃহত্‍ দল।সীমান্তলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত আৰক্ষীৰ দল।

৩. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলি উঠিল এখন বাহন। অগ্নিকুণ্ডত পৰিণত হ’ল ৰাষ্ট্ৰীয় ঘাইপথ।

৪. মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাক বিচাৰি দিল্লী চলাথ কৰিছে অসম আৰক্ষীয়ে।

৫. ডিগবৈত শক্তি বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ’ল এজনৰ।বিদ্যুতৰ তাঁৰত লাগি থিতাতে নিহত দুখী সিং নামৰ লোকজন।

৬. শিলচৰৰ অসম-মিজোৰাম সীমান্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আৰক্ষীৰ বাধা।

৭. গৰু, ছুপাৰীৰ চোৰাং সৰবৰাহ, CIDৰ হাতত গ্ৰেপ্তাৰ এনফ’ৰ্চমেণ্ট বিষয়া।গ্ৰেপ্তাৰ সহকাৰী এনফ’ৰ্চমেণ্ট বিষয়া আৰিফুল ইছলাম।

৮. কংগ্ৰেছ দলৰ সদস্য পদ ত্যাগ বিধায়ক সুশান্ত বৰগোহাঁইৰ।ই-মেইলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

৯. ১ ছেপ্টেম্বৰৰ পৰা সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা। দিছপুৰত ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

১০. ঢকুৱাখনাত ৪০০ বছৰীয়া সাঁচিপাতৰ পুথি ‘ভক্তিমংগল ঘোষা’ চুৰি, সুতিমুখ গাঁৱৰ নামঘৰৰ মণিকুটৰ পৰা চোৰে নিলে পুৰণি পুথিখন

১১. শুকুৰবাৰে পঞ্জাৱ কংগ্ৰেছৰ সাংসদসকলে দিল্লীৰ সংসদ চৌহদৰ ভিতৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত তিনিটা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

১২.পৰীক্ষাত বহা শিক্ষাৰ্থীৰ বাবে পৰীক্ষাৰ নম্বৰহে চূড়ান্ত হ’ব :ৰণোজ পেগু।

১৩. মেট্ৰিকৰ ফলাফলক লৈ মৰিগাঁৱত একাংশ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ- ছেইণ্ট ফ্ৰেছাচ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

১৪. এইবাৰৰ পৰীক্ষাৰ ফলাফলৰ বৰ বিশেষ ভেল্যু নাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১৫. ঢকুৱাখনাত  কিশোৰী  ধৰ্ষণ,বাল্য বিবাহৰ অভিযোগত পিতা পুত্ৰক জেললৈ।

১৬. ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ কলিতাৰ দেহাৱসান,ছমৰীয়াত শোকৰ ছাঁ।

১৭. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বিসংগতিক কেন্দ্ৰ কৰি বকো হাইস্কুলত হূলস্থুলীয়া পৰিৱেশ। শিক্ষক আৰু মূল্যায়ন সমিতিৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ।

১৮. ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ কলিতাৰ দেহাৱসান,ছমৰীয়াত শোকৰ ছাঁ।

১৯. সৰুপথাৰৰ জীয়ৰী অসম গৌৰৱ লাভলীনাৰ গাঁৱলীয়া বোকাময় পথ নিৰ্মাণৰ কাম আৰম্ভ গড়কাপ্তানী বিভাগৰ।

২০. হোজাইৰ গান্ধী বিদ্যাপীঠ হাইস্কুলত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। প্ৰৱেশ দ্বাৰত তলা লগাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক আবদ্ধ কৰি প্ৰতিবাদ।

২১. ইজনৰ পিছত সিজন নেতাই এৰিছে কংগ্ৰেছ। সুশান্ত বৰগোহাঁইৰ পাছত কংগ্ৰেছ এৰিলে বৰ্ণালী শইকীয়া বৰাই।

২২. লাইলাপুৰৰ অসম-মিজোৰাম সীমান্ত ভ্ৰমণ কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালৰ ।

২৩. ধুবুৰী পৰিবহন বিভাগৰ সহকাৰী এনফৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক গ্ৰেপ্তাৰ

২৪. CIDএ বিচাৰি নাপালে ভানলালভেনাক। দিল্লীৰ বাসগৃহৰ পৰা অন্তৰ্ধান অসম বিদ্বেষী সাংসদগৰাকী। ১ আগষ্টৰ পুৱা ১১ বজাৰ ভিতৰত ধলাই থানাত হাজিৰ হোৱাৰ নিৰ্দেশ।

২৫. জাপানৰ য়ামা গুচীক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ পি ভি সিন্ধু

The post ১মিনিটত ২৫খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3idNYSX
via IFTTT

Comments