সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ শিক্ষামন্ত্ৰীক ১৫ আগষ্টৰ পূৰ্বে পদ প্ৰাদেশিকীকৰণৰ বাবে আবেদন…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই বুধবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰি ১৫ আগষ্টৰ পূৰ্বে পদ প্ৰাদেশিকীকৰণৰ অনুমোদন দিয়াৰ বাবে আবেদন জনায়। নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয় সমূহত শিক্ষকসকলৰ সমান্তৰালকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলেও বিগত ২৫-৩০ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে। কিন্ত অতিকে পৰিতাপৰ বিষয় যে, উক্ত বিদ্যালয় সমূহৰ শিক্ষক সকলে নিযুক্তি লাভ কৰি দৰমহা লাভ কৰিছে যদিও ইয়াৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে এটিয়াও নিযুক্তি লাভ কৰা নাই।

ৰাজ্যৰ ২১০৭ গৰাকী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে বুধবাৰে শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুৰ চৰকাৰী বাসভৱনলৈ গৈ, বাৰে বাৰে কৰি থকা ফাইলৰ পুনৰীক্ষণ প্ৰক্ৰিয়া শিঘ্ৰে বন্ধ কৰি আগন্তুক ১৫ আগষ্টৰ পূৰ্বেই জীৱনৰ গুৰুত্বপূৰ্ণ সময় ত্যাগ কৰি নিষ্ঠাৰে সেৱা আগবঢ়োৱা ২১০৭ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিবলৈ আবেদন জনায়।সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক মহিদুল কবিৰ, ধেমাজি জিলাৰ সম্পাদক দ্বিজেন বৰা, মাজুলী জিলাৰ সভাপতি বিবেকানন্দ লাকাচু, সম্পাদক লাচিত নৰহ, লক্ষীমপুৰ জিলাৰ সদস্য চানবে কাৰ্কেতী, বিজু পায়েং, কৃষ্ণকান্ত দলে, নগাঁও জিলাৰ কপিলী ব্লক সভাপতি যতীন নাথ, দিনেশ পাটৰে শিক্ষামন্ত্ৰীৰ হাতত আবেদন দাখিল কৰে।

The post সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ শিক্ষামন্ত্ৰীক ১৫ আগষ্টৰ পূৰ্বে পদ প্ৰাদেশিকীকৰণৰ বাবে আবেদন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zK56FR
via IFTTT

Comments