বিজেপিৰ বিপদঘন্টা! ‘খেলা হ’ব’ ত্ৰিপুৰাত; প্ৰাক্তন বিধায়ককে ধৰি ৪০জন কংগ্ৰেছীৰ তৃণমূলত যোগদান
এইবাৰ খেলা হ’ব ত্ৰিপুৰাত। পশ্চিমবংগৰ পাছত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে। I Pac ইচ্ছ্যুত উত্তাল ত্ৰিপুৰাত এইবাৰ আৰম্ভ হৈছে দলবাগৰাৰ খেল।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক সুবল ভৌমিক, প্ৰকাশ দাসকে ধৰি কংগ্ৰেছৰ ৪০ জন বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে ত্ৰিপুৰা তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।
বৃহস্পতিবাৰে সন্ধিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বসু, সাংসদ কাকলি ঘোষ দস্তিদাৰ, ডেৰেক অ’ব্ৰায়েন আৰু আন এগৰাকী মন্ত্ৰী মলয় ঘটকৰ উপস্থিতিত এই যোগদান সম্পন্ন হয়।
তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিবলৈ পৰিকল্পিতভাৱে আগবাঢ়িছে। দলটোৱে ৰাজ্যখনত তৃণমূলৰ অফিচিয়েল টুইটাৰ হেণ্ডল AITC Tripura আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে ত্ৰিপুৰাত সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা তথা পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বসুৱে কয় যে ত্ৰিপুৰাত বাওপন্থী, কংগ্ৰেছ আৰু বিজেপিক পৰীক্ষা কৰা হৈ গৈছে। বাকী আছে তৃণমূলৰ পৰীক্ষা।
দেওবাৰৰ পৰাই আইপ্যাক ইচ্ছ্যুত উত্তাল হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজনীতি। প্ৰশান্ত কিশোৰৰ সংস্থা আইপ্যাকৰ ২৩জন সদস্যক হোটেলত বন্দী কৰি ৰখাক লৈ বিতৰ্কৰ সূত্ৰপাত হয়।
বৃহস্পতিবাৰে আৰক্ষীৰ গোচৰৰ ভিত্তিত আগতীয়া জামিন লাভ কৰে আইপ্যাকৰ সদস্যসকলে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ২৩জন সদস্যক জামিন দিয়ে।
তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰৰ দলটোক হোটেলত বন্দী কৰাৰ অভিযোগত ত্ৰিপুৰা উত্তাল হৈ পৰে। কোভিড বিধি ভংগৰ অভিযোগত ১ আগষ্টৰ আগেয়ে আগৰতলা থানাত প্ৰশান্ত কিশোৰৰ সদস্যকেইজনক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
ত্ৰিপুৰাত শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি তৃণমূল কংগ্ৰেছে ৰাজ্যখনত সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠিপৰি লাগিছে।
ৰাজ্যখনত কংগ্ৰেছ দলৰ স্থিতি যথেষ্ট দুৰ্বল হোৱা হেতুকে দলটোৰ নেতা-কৰ্মীসকল বিকল্প হিচাপে তৃণমূলৰ প্ৰতি আকৰ্ষিত হৈছে।
আনহাতে, শাসনৰ পৰা বাহিৰত থকা চিপিআইএমৰ বৰ্তমান বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিবলৈ নতুন নেতাৰ অভাৱ। দলটোৰ বৰ্ষীয়ান নেতা মানিক সৰকাৰৰ বয়সে বাধা আনি দিছে।
ইপিনে, পশ্চিমবংগত বিজেপিক এশিকনি দিয়া মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ বৰ্তমান উজ্জীৱিত হৈ পৰিছে আৰু বেংগলী অধ্যুষিত ত্ৰিপুৰা দখলৰ বাবে পৰিকল্পিতভাৱে অগ্ৰসৰ হৈছে।
The post বিজেপিৰ বিপদঘন্টা! ‘খেলা হ’ব’ ত্ৰিপুৰাত; প্ৰাক্তন বিধায়ককে ধৰি ৪০জন কংগ্ৰেছীৰ তৃণমূলত যোগদান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2V2qFTq
via IFTTT
Comments
Post a Comment