পুৱাৰ খবৰ…

১. মিজোৰাম সীমান্তত আহত হোৱা আৰু এজন জোৱানৰ মৃত্যু।মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এই তথ্য।৬জনলৈ বৃদ্ধি পালে মৃত জোৱানৰ সংখ্যা।মৃত্যু হোৱা জোৱানজনৰ নাম শ্যামাপ্ৰসাদ দুছাট।মিজো আৰক্ষীৰ গুলী পেটত লাগিছিল শ্যামাপ্ৰসাদ দুছাটৰ৷

২. মানবীয়তাক ভূলুণ্ঠিত কৰা এক জঘন্য কাণ্ড সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত । যিসময়ত বেটি বচাও – বেটি পঢ়াও শ্লোগানেৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে তেনেসময়তে কেৱল কন্যা শিশু হোৱাৰ বাবেই এটি নব জাতিকাক জন্মৰ দুদিন পাছত  মাত্ৰ ৫ হাজাৰ টকাৰ বিনিময়ত এক সম্ভ্ৰান্ত পৰিয়ালৰ হাতত  পিতৃ মাতৃৰ স্নেহৰ পৰা বঞ্চিত কৰি গতাই দিয়াৰ অমানৱীয় কাণ্ড সংঘটিত হৈছে ঘিলামৰাত। 

৩.কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’ব বাছাভাৰাজ বোমাই। শেহতীয়াকৈ এই ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পৰ্যবেক্ষক ধৰ্মেন্দ্ৰ প্ৰধানে। কেইবালানিও বৈঠকৰ অন্তত বিধায়িনী দলৰ নেতা হিচাপে বাছাভাৰাজ বোমাইক নিৰ্বাচিত কৰা হয়। উল্লেখ্য যে, কৰ্ণাটক প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰপ্পাৰ অতিকৈ ঘনিষ্ঠ আছিল বাছাভাৰাজ বোমাই।

৪. নগাওঁ জিলাৰ পশ্চিম অঞ্চলত বিভিন্ন সময়ত বেআইনী কাৰ্য্যকলাপ বিশেষকৈ বোৱাৰীৰ ৰহস্যজনক মৃত্যু, যুৱতী হত্যা আৰু ভতিজাকৰ হাতত খুড়াকৰ হত্যা আদি কেইবাটাও ঘটণাৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই মংগলবাৰে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলখী গাঁৱৰ পথাৰৰ মাজৰ পুখুৰীত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো আমলখি গাঁৱৰ তাহেৰ আলীৰ পুত্ৰ ছাফিকুল ইছলাম(১৮)ৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।

৫. বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনস্থ মাজদিয়া আৰক্ষী চকীত সোমবাৰে সন্ধিয়া মাজদিয়া-গৰেমাৰী নৱজাগৰণ মঞ্চৰ কৰ্ম-কৰ্তাৰে  মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সমাজৰ পৰা সম্পূৰ্ণৰূপে মাৰাত্মক  ড্ৰাগছ,মদ,জুৱা আদিৰ দৰে সকলো ধৰণৰ অসামাজিক কাম নিৰ্মূল কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় মত-বিনিময় অনুষ্ঠানটো।

৬. অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা সংঘৰ্ষত নিহত অসম আৰক্ষীৰ জোৱানসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ৫০ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব। সোমবাৰে সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হোৱা ঘটনাৰ পাছত পৰিস্থিতিৰ বুজ লবলৈ কাছাৰত উপস্থিত হয় গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী শৰ্মাই শ্বহীদ জোৱানসকলক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

৭. মঙ্গলবাৰৰ পৰা পুনৰ খুলিব বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী।এক প্ৰেছ বিবৃতি যোগে এই কথা জনালে বিশ্বনাথ জিলা বটলিফ টি প্ৰডিউচাৰ এচ’ছিয়েশ্বনৰ সভাপতি ভোলা বৰাই।বৰ্তমানৰ কোভিড পৰিস্থিতি আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ফেক্টৰী সমুহ খোলাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে বিবৃটিত। সোমবাৰে বিশ্বনাথ জিলাৰ বটলিফ টি ফেক্টৰী প্ৰডিউচাৰ এচ’ছিয়েশ্বনৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

৮. সূৰুজ উঠাৰ দেশত বৰপথাৰৰ কন্যা লাভলিনাই নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱাৰ লগে লগে সমগ্য ৰাজ্যৰ লগতে তেওঁৰ গৃহভূমি বৰপথাৰতো আনন্দৰ বন্যা বয়।খেলৰ কোনো ধৰনৰ অন্তঃগাঠনি নথকা ধনশিৰি বৰপথাৰ পৰা অলিম্পিকৰ সোনৰ পদক আঁজুৰি আনিবলৈ গৈ প্ৰথমটো খোজ সফলতাৰে দিয়া লগে লগে খেলুৱৈ গৰাকীৰ প্ৰতি স্থানীয় ৰাইজে উপচাই দিয়ে অভিন্দন, আশীৰ্বাদ আৰু শুভ কামনা। লাভলীনাৰ গৃহভূমিত চৌদিশে কেৱল লভলীনা সফল হওঁক।আজি পূৱাৰে পৰা কোভি’ড প্ৰট’কলৰ মাজতেই বৰপথাৰ নগৰৰ মাজ মজিয়াত বিভিন্ন লোকৰ সমাবেশ হৈ টকিঅ’ৰ পৰা ভাল খবৰটো অহালৈ বাট চাই থাকে।

৯. এখন অতি পিছপৰা গাও নাম চৰালপাম | নগাঁও মৰিগাঁও সীমান্তৱৰ্তী কপিলী পাৰতে আছে এই গাওখন | বৰ্তমান এই পিছপৰা গাওখনতেই গঢ় লৈ উঠিছে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট আঁচনি | গাওখনৰ নিবনুৱা যুৱক যুৱতী সকলে স্বাৱলম্বিতাৰ বাবে ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা অনুদান প্ৰাপ্তিৰে গঢ় লোৱাই সোনোৱালী সপোন ৰচিছে জীৱনৰ বাটত আগুৱাই যোৱাৰ | আজি সেই স্থানতেই উপস্থিত হলহি অসমৰ ভূমি সংৰক্ষণ তথা হস্ত তাত আৰু বস্ত্ৰ শিল্প মন্ত্ৰী গৰাকী | মন্ত্ৰী গৰাকীয়ে নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলৰ দ্বাৰা ৰূপায়িত ধৰমতুল সমন্বিত জলচ্ছেদ উন্নয়ন প্ৰকল্পৰ অধীনত চৰালপাম গাৱত জলাশয় উন্নয়ন তথা মীন ও হাঁহ কুকুৰা পালন আচঁনিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈ পৰে আৰু ই এক ডাঙৰ পৰিকল্পনা বুলি শলাগ লয় মন্ত্ৰী উৰ্খাও ব্ৰহ্মই।

১০. মাৰাত্মক কোভিড ১৯ ৰ ব্যাপক সংক্ৰমনৰ বাবে লখিমপুৰ জিলাত সম্পূৰ্ণ কনতেইনমেণ্টৰ ম্যাদ বৃদ্ধি কৰি ২৪ ঘণ্টাই সান্ধ্য আইন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।  এনে প্ৰেক্ষাপটত জিলাখনৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত কোভিড ভেকছিন প্ৰদানৰ লক্ষ্য বান্ধি ভেকচিন কেন্দ্ৰ সমূহত  “ৰেপিড এন্টিজেন টেষ্ট ” কৰি  নিগেটিভ ফলাফলৰ ব্যক্তি সকলক ভেকচিন প্ৰদান কৰি গৈছে। ঢকুৱাখনা  স্বাস্থ্য খণ্ডৰ অন্তৰ্গত  বিভিন্ন স্থানৰ লগতে মঙ্গলবাৰে হাৰ্হি পঞ্চায়তৰ নেমুটেঙানি এম ভি স্কুলত অনুষ্ঠিত এনে ভেকচিন কেন্দ্ৰলৈ অহা  এগৰাকী ব্যক্তিৰ দুটা পৃথক ৰেট ৰিপৰ্টক লৈ  উৎকণ্ঠাই বিৰাজ কৰিছে। জনামতে আমূলগুৰি গাঁওৰ সুৰেন শইকীয়া(৫০)ই ভেকচিন লবলৈ আহি নেমুটেঙানি কেন্দ্ৰত “ৰেট”( আই ডি- ০৩৫৩১১২) পৰীক্ষা কৰাই । মঙ্গলবাৰে দুপৰীয়া ১১-১৬ মিনিটত কৰা এই পৰীক্ষাৰ ফলাফল পজিটিভ অহাত ব্যক্তি গৰাকীয়ে পৰীক্ষা পদ্ধতিত সন্দেহ কৰি মাছখোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ দুপৰীয়া ১২-১৯ বজাত  পুনৰ “ৰেট “( আই ডি – ২৬৯২৩৭)  কৰাত নিগেটিভ ৰিপৰ্ট আহে।

The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/373IgNd
via IFTTT

Comments