মুষলধাৰ বৰষুণৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ পৰি ব্যাহত যাতায়ত আৰু বিদ্যুৎ যোগান

ডিজিটেল সংবাদ দুমুনিচকী: বৃহস্পতিবাৰে বিয়লি হোৱা মুষলধাৰ বৰষুণৰ ফলত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বৰমুলাত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত এডাল গছ উভালি পৰে। সেই সময়ত বিদ্যুৎ কৰ্তন কৰা আছিল বাবে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতৰ তাঁৰ লাগি কোনো ধৰণৰ অঘটন হোৱা নাই যদিও প্ৰায় ৭ টাতকৈ অধিক বিদ্যুতৰ খুঁটা পথৰ ওপৰতে বাগৰি পৰে।

খুঁটা কেইটাৰ কেইটামান ছিঙি যোৱাৰ লগতে আন কেইটামান বিদ্যুতৰ খুঁটা উভালি পৰে। মদন কামদেৱ মান্দাকাটা সংযোগী পথৰ ওপৰত বৰমুলাত সংঘটিত হোৱা উক্ত ঘটনাৰ বাবে কিছু সময় যাতায়ত ব্যাহত হৈ পৰে।

ঘটনা সন্দৰ্ভত অবগত হোৱাত বাইহাটা চাৰিআলি বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ বিদ্যুৎ কৰ্মী ঘটনা স্থলিত উপস্থিত হৈ যাতায়ত ব্যৱস্থা সুচল কৰে যদিও কেইবাটাও বিদ্যুৎৰ খুঁটা ভাঙি-ছিঙি যোৱাৰ ফলত অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ থাকে।

The post মুষলধাৰ বৰষুণৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ পৰি ব্যাহত যাতায়ত আৰু বিদ্যুৎ যোগান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V3co8T
via IFTTT

Comments