জাগীৰোডৰ ডোঙাবড়ীত কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত শালি ধান চপোৱা আৰু মৰণা মৰাৰ কৰ্মশালা
কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ দ্বাৰা “অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প” চমুকৈ এপাৰ্ট ৰ অধীনত মৰিগাঁও জিলাৰ ডোঙাবৰী গাওঁত প্ৰায় ২৫০ বিঘা মাটিত প্ৰদশনীমূলক খেতিৰ বাবে বীনাধান-১১ বিতৰণ কৰা হৈছিল।
বানপানীটো উৎপাদনক্ষম এই জাতটো এইবাৰ প্ৰায় ২০ দিন পৰ্যন্ত পানীৰ তলত থাকিও উৎপাদন দিবলৈ সক্ষম হয়।
ধান চপোৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱা আৰু সহকাৰী প্ৰকল্প বিজ্ঞানী সঞ্জু বৰগোহাঁইৰ পৰিচালনাত কৃষিযন্ত্রৰ জৰিয়তে ধান কটা আৰু মৰণা মৰাৰ একোটা প্ৰশিক্ষণ আৰু প্ৰদৰ্শনী আগবঢ়োৱা হয়।
এই ক্ষেত্ৰত স্হানীয় কৃষক সকল উপকৃত হোৱাৰ লগতে জীৱন জেউতি কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকাই খেতিয়ক আৰু কৃষি বিভাগৰ লগত সহযোগিতা আগবঢ়ায় ৷
The post জাগীৰোডৰ ডোঙাবড়ীত কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত শালি ধান চপোৱা আৰু মৰণা মৰাৰ কৰ্মশালা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/34PGLSB
via IFTTT
Comments
Post a Comment