১০ নৱেম্বৰত ২৪ ঘন্টীয়া মধ্য অসম বন্ধ ঘোষণা কৰিলে সদৌ তিৱা ছাত্ৰ সন্থাই
সদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ গণেশ চন্দ্ৰ সেনাপতি ভৱনত সংগঠনটোৰ নেতৃত্বই এখন সংবাদ মেল সম্বোধন কৰে।
”অসম ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন (২০১৭)” আওতাৰ পৰা তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্গত কামৰূপ মেট্ৰ জিলাৰ ডিমৰীয়া অঞ্চল আৰু মায়ং ৰাজহ চক্ৰৰ জাগীৰোড উন্নয়ন প্ৰাধিকৰণ এলেকাক কৰ্তন কৰা, তিৱা স্বায়ত্ব পৰিষদত বাদ পৰি ৰোৱা তিৱা জনগোষ্ঠী অধ্যুষিত গাওঁ সমূহক অন্তৰ্ভূক্ত কৰাৰ লগতে পৰিষদৰ এলেকাত অন্তৰ্ভুক্ত হোৱা অজনজাতি গাওঁ সমূহৰ নাম কৰ্তন কৰাৰ দাবীত সংগঠনটোৱে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
সেই মৰ্মে অহা ২ নৱেম্বৰত মৰিগাঁও সদৰ বিহুতলীত গণধৰ্ণা , ৪ নৱেম্বৰত জাগীৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আৰু ১০ নৱেম্বৰত ২৪ ঘন্টীয়া মধ্য অসম বন্ধ দিয়াৰ কথা ঘোষণা কৰিছে।
The post ১০ নৱেম্বৰত ২৪ ঘন্টীয়া মধ্য অসম বন্ধ ঘোষণা কৰিলে সদৌ তিৱা ছাত্ৰ সন্থাই appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3mG3CWI
via IFTTT
Comments
Post a Comment