শ্বাস-প্ৰশ্বাসত কষ্ট: পুনৰ জিএমচিএইছত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক

কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যোৱা ২৫ অক্টোৱৰত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল যদিও যোৱা নিশা আকৌ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত ততাতৈয়াকৈ পুনৰ জিএমচিএইছলৈ নিয়া হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ সূত্ৰই নৰ্থ ইষ্ট নাওক জনোৱা মতে যোৱা নিশা পুনৰ শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত নিশাই প্ৰায় ১০.৩০ বজাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সূত্ৰটোৱে সদৰী কৰা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান বিশেষ ভাল নহয়। জিএমচিএইছত বিশেষজ্ঞ চিকিৎসকৰ দল এটাই গগৈৰ চিকিৎসা আৰম্ভ কৰিছে।

উল্লেখ্য দীৰ্ঘদিনৰ মূৰত  ২৫ অক্টোৱৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

গগৈক পোনে পোনে দিছপুৰৰ চৰকাৰী বাসভৱনলৈ নিয়া হৈছিল।

তেওঁক ঘৰলৈ অনাৰ পিছতো  হ’ল যদিও GMCH ৰ  চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছিল।

তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কৰোনাৰ পৰা মুক্ত হোৱাৰ পাছতো দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

The post শ্বাস-প্ৰশ্বাসত কষ্ট: পুনৰ জিএমচিএইছত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3kODtEp
via IFTTT

Comments