কৰ’নাত যিবোৰ মৃত্যু হৈছে তাৰ পৰা লাভৱান হৈছে চিকিৎসকসকল; ট্ৰাম্পৰ মন্তব্যত বিতৰ্কৰ ধুমুহা

চিকিৎসকসকলৰ সম্পৰ্কত পুনৰ বিতৰ্কিত মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। তেওঁ কৈছে যে মাৰাত্মক কৰ’না ভাইৰাছৰ ফলত যিবোৰ মৃত্যু ঘটিছে তাৰ পৰা লাভৱান হৈছে দেশৰ চিকিৎসকসকল।

দেশখনত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা তথা মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ট্ৰাম্পে এইদৰে মন্তব্য কৰিছে।

আমেৰিকাই শুকুৰবাৰে এদিনত সৰ্বাধিক কৰ’না আক্ৰান্তৰ অভিলেখ স্পৰ্শ কৰিছে। এদিনতে এক লাখতকৈয়ো অধিক লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ট্ৰাম্পে মন্তব্য কৰিছে যে যদি কোনো লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে, তেতিয়া চিকিৎসকসকলে ধন পায়। এইটো সকলোৱে জানে।

তেওঁ চিকিৎসকসকলক কটাক্ষ কৰি কয় যে ‘চিকিৎসকসকল খুবেই স্মাৰ্ট’।

শুকুৰবাৰে উইছকনছিনৰ গ্ৰীণ বে’ত এখন নিৰ্বাচনী সমাৱেশত তেওঁ এইদৰে মন্তব্য কৰে।

ট্ৰাম্পে উইছকনছিনৰ বিৰোধী ডেম’ক্ৰেট গৱৰ্ণৰ আৰু সেই প্ৰদেশত কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৱলীৰ সমালোচনা কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰ’না ভাইৰাছক লৈ তাচ্চিল্যসূচক মন্তব্য কৰিছিল। ট্ৰাম্পে সম্বোধন কৰা সমাৱেশত উপস্থিত থকা তেওঁৰ সমৰ্থকসকলৰ বহুতৰে মুখত মাস্ক নাছিল।

The post কৰ’নাত যিবোৰ মৃত্যু হৈছে তাৰ পৰা লাভৱান হৈছে চিকিৎসকসকল; ট্ৰাম্পৰ মন্তব্যত বিতৰ্কৰ ধুমুহা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3ec4yiC
via IFTTT

Comments