বোকাখাত সমষ্টিৰ দুখন চাহ বাগিচাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ

বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি আৰু পশু পালন বিভাগৰ মন্ত্রী অতুল বৰাই দেওবাৰে গৃহ সমষ্টি বোকাখাতত দুখনকৈ আদৰ্শ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

দেওবাৰে পুৱা অতুল বৰাই বোকাখাত বিধানসভা সমষ্টিৰ বিহৰা  চাহ বাগিচাৰ মিকিচাঙত বাগিচা এলেকাৰ বাবে অনুমোদিত উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিয়লি সমষ্টিটোৰ হাতীখুলি চাহ বাগিচাৰ মাজ লাইনত দ্বিতীয়খন আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

ভূমি পূজনৰে আৰম্ভ কৰা এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ উপৰিও গণ পৰিষদ দলৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা, ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আৰু বাগিচাৰ পৰিচালক সকলো উপস্থিত থাকে ৷

উল্লেখ্য যে অসম চৰকাৰৰ এক অভিলাষী আঁচনিৰে দেওবাৰে ৰাজ্যৰ ১১৯ খন চাহ বাগিচাত একোখনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাৰ্যসুচী অনুষ্ঠিত হৈছে  আৰু প্ৰতিখন বিদ্যালয়ৰ বাবে অনুমোদন কৰা হৈছে ১.২০ কোটি টকা ৷

উক্ত ১১৯ বিদ্যালয়ৰ ভিতৰত দুখন বিদ্যালয় বোকাখাত সমষ্টিক দিয়াৰ বাবে অতুল বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।

The post বোকাখাত সমষ্টিৰ দুখন চাহ বাগিচাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/35YvCyd
via IFTTT

Comments