‘যি মহিলাৰ আত্মসন্মান আছে তেওঁ ধৰ্ষিতা হ’লে আত্মহত্যা কৰে’ , জন প্ৰতিনিধিৰ উদ্ভট মন্তব্যকলৈ প্ৰতিক্ৰিয়া
যিটো সময়ত দেশত ক্ৰমবৰ্দ্ধমান ধৰ্ষণৰ ঘটনাই সচেতন লোকসকলক চিন্তাত পেলাইছে পেলাইছে সেই সময়তে ধৰ্ষণকলৈ এগৰাকী ৰাজনৈতিক নেতাই কৰা স্পৰ্শকাতৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।
কেৰালা কংগ্ৰেছৰ নেতা মুলাপল্লি ৰামচন্দ্ৰণে এই বুলি কৈছে যে যিসকল মহিলাৰ আত্মসন্মান আছে তেওঁলোকে বলাৎকাৰৰ বলি হ’লে আত্মহত্যা কৰে।
ৰামচন্দ্ৰণে কয় যে সন্মানৰ কথা চিন্তা কৰা ধৰ্ষিতা নাৰীয়ে সন্মান ৰক্ষাৰ বাবে আত্মহত্যা কৰিব পাৰে অথবা ভৱিষ্যতে যাতে তেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় সেই বিষয়ত সচেতন হ’ব।
কংগ্ৰেছ নেতা গৰাকীৰ এনে মন্তব্যই এতিয়া কেৰালাৰ লগতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ কেৰালাত এগৰাকী মহিলাই এজন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিছে।
মহিলা গৰাকীক কটাক্ষ কৰিয়েই কংগ্ৰেছ নেতা ৰামচন্দ্ৰণে এনেদৰে কয়।
তেওঁ কয় যে কেৰালাৰ বাও দলৰ চৰকাৰে মহিলাগৰাকীক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিবলৈ উচটনি দি আহিছে।
ইপিনে ৰামচন্দ্ৰণে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কেৰালাৰ মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী কেকে শৈলজাই কয় যে কংগ্ৰেছ নেতাজনৰ মন্তব্যই মহিলাৰ আত্মসন্মানত আঘাত হানিছে।
বলাৎকাৰৰ দৰে এক স্পৰ্শকাতৰ ঘটনাকলৈ এনে মন্তব্য কোনো সুস্থ মস্তিষ্কৰ লোকে কৰিব নোৱাৰে বুলি তেওঁ কয়।
The post ‘যি মহিলাৰ আত্মসন্মান আছে তেওঁ ধৰ্ষিতা হ’লে আত্মহত্যা কৰে’ , জন প্ৰতিনিধিৰ উদ্ভট মন্তব্যকলৈ প্ৰতিক্ৰিয়া appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/321lXW8
via IFTTT
Comments
Post a Comment