কোভিডত আক্ৰান্ত হৈ তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডৰাইকান্নুৰ মৃত্যু
ঘাতক ক’ৰ’ণাই পুনৰ প্ৰাণ কাঢ়ি নিলে দেশৰ আন এগৰাকী ৰাজনীতিকৰ।
কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডৰাইকান্নুৰ যোৱা নিশা চেন্নাইৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। ১৩ অক্টোৱৰত দেহত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে মন্ত্ৰী গৰাকীক ভৰ্তি কৰোৱা হৈছিল চেন্নাইৰ কাৱেৰী হস্পিতালত।
চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো ডৰাইকান্নুৱে যোৱা নিশা ১১.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তামিলনাডুৰ তাঞ্জাভৰ জিলাৰ পাপনাশম সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা এআইএডিএমকে দলৰ নেতা গৰাকীৰ মৃত্যুত ৰাজ্য খনত গভীৰ শোকৰ ছাঁ পৰিছে।
তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে কৃষি মন্ত্ৰী ডৰাইকান্নুৰৰ মৃত্যুত শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
এক শোকবাৰ্তাত ৰাজ্যপাল পুৰোহিত কৈছে যে ডৰাইকান্নুৰ এগৰাকী সৰল মনৰ ব্যক্তি আছিল। তামিলনাডুৰ কৃষি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই যোৱা অৱদান সদায় স্মৰণীয় হৈ ৰ’ৱ।
তামিলনাডুৰ মুখ্যমন্ত্ৰী ই কে পালানিস্বামীয়েও ডৰাইকান্নুৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
উল্লেখ্য এতিয়ালৈকে ক’ৰ’ণা ভাইৰাছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী,ৰে’ল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ আংগাৰী,বিহাৰৰ মন্ত্ৰী বিনোদ কুমাৰ সিং আদি ৰাজনীকৰ প্ৰাণ কাঢ়ি নিছে।
The post কোভিডত আক্ৰান্ত হৈ তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডৰাইকান্নুৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2TIa9Uw
via IFTTT
Comments
Post a Comment