COVID আক্ৰান্তৰ শীৰ্ষত থকা ৰাজ্যৰ জিলাসমূহ

গুৱাহাটীঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। কেইবাখনো জিলাত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। ইয়াৰ ভিতৰত শীৰ্ষত আছে কামৰূপ মহানগৰ জিলা।

কামৰূপ মহানগৰ জিলাত বৰ্তমান চিকিৎসাধীন হৈ আছে ৯,২৮৬ জন ৰোগী। ডিব্ৰুগড় জিলাত ক’ভিড ৰোগীৰ সংখ্যা ১,৭২২ জন। যোৰহাটত ৬৯৫ জন ৰোগী আৰু শোণিতপুৰত ৭১৪ জন ৰোগী বৰ্তমান আছে। ইয়াৰ বিপৰীতে কাছাৰত আছে ৫৯৯ জন ক’ভিড ৰোগী, গোলাঘাটত ৫৯০ জন ৰোগী, শিৱসাগৰত ৪৪৩জন, মৰিগাঁৱত ৪২০ জন, বঙাইগাঁৱত ৪১৯ জন, দৰঙত ৭০৬ গৰাকী, নলবাৰীত ৬৫৮ গৰাকী, তিনিচুকীয়াত ৫৭২ গৰাকী, কোকৰাঝাৰত ৩৮৯ গৰাকী, গোৱালপাৰাত ৩৯২ গৰাকী, হোজাইত ৩৫৭ গৰাকী, কাৰ্বি আংলংত ৩৪২ গৰাকী, লখিমপুৰত ৩৪২ গৰাকী, ধুবুৰীত ৩০০ গৰাকী।

The post COVID আক্ৰান্তৰ শীৰ্ষত থকা ৰাজ্যৰ জিলাসমূহ appeared first on News Live TV.



from News Live TV https://ift.tt/3eJEQm6
via IFTTT

Comments