নাৰায়ণপুৰৰ বিধ্বংসী ধুমুহাত ক্ষতিগ্ৰস্ত ৫০০ পৰিয়ালক টাৰ্পলিন বিতৰণ…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : সোমবাৰে নিশা নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত এজাক বিধ্বংসী শিল-ধুমুহাই ক্ষতিগ্ৰস্ত কৰা ৫০০ পৰিয়ালৰ মাজত লখিমপুৰ জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা টাৰ্পলিন বিতৰণ কৰা হয় । নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নবী সোনোৱালৰ নেতৃত্বত প্ৰশাসনৰ এটা দলে ৰাজহ চক্ৰটোৰ অন্তৰ্গত ৰঙতি,ৰাজগড়, ভোলাবৰী,পিছলা,বৰবালি আৰু পানবাৰী গাঁও পঞ্চায়ত এলেকাৰ ৫১ খন ৰাজহ গাঁৱৰ ৫০০ ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে টাৰ্পলিন বিতৰণ কৰাৰ লগতে দুৰ্গত পৰিয়াল সমুহৰ ক্ষয় ক্ষতিৰ বুজ লয় ।
উল্লেখ্য যে সোমাবাৰে নিশা অহা এজাক কালৰূপী শিল-ধুমুহাই তচনচ কৰি পেলাইছিল নাৰায়ণপুৰৰ সহস্ৰাধীক পৰিয়ালৰ ঘৰ-দুৱাৰ । বিস্তৰ ক্ষতি সাধন হৈছিল বৃহত্তৰ অঞ্চলটোত । মহামাৰী ক’ৰোনাৰ ভয়াবহতাৰ মাজতে অহা বিধ্বংসী শিল-ধুমুহা জাকে বহু পৰিয়ালক গৃহহাৰা কৰাৰ সমান্তৰালকৈ ভাঙি চুৰমাৰ কৰি পেলাইছিল কৃষকৰ সেউজীয়া সপোন । আনহাতে প্ৰশাসনৰ ফালৰ পৰা সাময়িক সকাহৰ বাবে টাৰ্পলিন প্ৰদান কৰা কাৰ্যৰ সলাগ লৈছে যদিও ক্ষতিগ্ৰস্ত লোক সকলক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে দুৰ্ভগীয়া লোক সকলে ।।
The post নাৰায়ণপুৰৰ বিধ্বংসী ধুমুহাত ক্ষতিগ্ৰস্ত ৫০০ পৰিয়ালক টাৰ্পলিন বিতৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3t1mrq0
via IFTTT
Comments
Post a Comment