একেলেথাৰিয়ে কেইবাটাও শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক, ক্ষয়-ক্ষতিৰ আশংকা
অসমৰ বিভিন্ন স্থানক আজি পুৱা এক শক্তিশালী ভূমিকম্পই জোকাৰি যায়। আজি পুৱা ৭.৫৫ বজাত অনুভূত হৈছিল এই ভূমিকম্পৰ জোকাৰণি।
একেলেথাৰিয়ে দুটাকৈ ভূমিকম্পৰ জোকাৰণিয়ে ৰাজ্যবাসীৰ মনত ত্ৰাসৰ সৃষ্টি কৰে।
বৰ্তমানলৈকে এই ভূমিকম্পত ক্ষয়ক্ষতিৰ কোনো খবৰ পোৱা নাই যদিও ভূমিকম্পটোৰ জোকাৰণিৰ প্ৰাৱল্যলৈ চাই ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে।
ভূমিকম্পৰ প্ৰাৱল্যৰ ৬.৭ ৰিখটাৰ স্কেল বুলি জানিব পৰা হোৱা নাই। বহু কেইটা সংবাদ প্ৰতিষ্ঠানে প্ৰাৱল্য ৭.৫৫ বুলি প্ৰকাশ কৰিছে
আনহাতে আজি অনুভূত হোৱা এই ভূমিকম্পৰ উৎপত্তিস্থল তেজপুৰৰ পৰা ৩৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে ভূগৰ্ভৰ ১০ কিলোমিটাৰ অভ্যন্তৰত বুলি জানিব পৰা গৈছে।
আনহাতে পুৱা ৮.০৩ বজাতো আন এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলতো অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। বিভিন্ন ঠাইৰ পৰা বহু বাসভৱনত ফাঁট মেলাৰ বাতৰি আহি আছে। অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।
The post একেলেথাৰিয়ে কেইবাটাও শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক, ক্ষয়-ক্ষতিৰ আশংকা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3eAIYET
via IFTTT
Comments
Post a Comment