বকোৰ একশেলিয়া পাহাৰত উদ্ধাৰ মানুহৰ কংকাল…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোৰ একশেলিয়া পাহাৰত আজি পুৱা এটা মানুহৰ কংকাল দৃষ্টিগোচৰ হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ জামবাৰী আৰক্ষী চকীৰ অন্তৰ্গত একশেলিয়া পাহাৰৰ শালগছ এজোপাত ডিঙিত ফাঁচী লাগি ওলমি থকা মানুহৰ কংকাল এটা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ।

বহুদিন আগতে প্ৰান বায়ু উৰি যোৱা কংকালটো সম্প্ৰতি উৱলি গৈছে । একাংশ লোকে মৃতদেহটো পাহাৰখনৰ কিছু দূৰৈৰ ভেৰভেৰিগাঁৱৰ লোকৰ বুলি অনুমান কৰিছে যদিও এতিয়ালৈকে সবিশেষ জানিব পৰা হোৱা নাই ।

The post বকোৰ একশেলিয়া পাহাৰত উদ্ধাৰ মানুহৰ কংকাল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3u4zVma
via IFTTT

Comments