ত্ৰিপাক্ষীক বৈঠকৰ অন্তত বৰহোলাত অ’এন জি চিৰ বিৰুদ্ধে তৈলক্ষেত্ৰ অৱৰোধ সাময়িকভাৱে স্থগিত…

ডিজিটেল সংবাদ বেকাজান : বৰহোলাৰ অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ উদ্ধাৰৰ দাবীত বৰহোলাত অ ‘এন এন চিৰ বিৰুদ্ধে বিগত দুদিন ধৰি বাৰটাকৈ জাতীয় দল- সংগঠনে গঢ়ি তোলা তৈল ক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী বৃহস্পতিবাৰৰ পৰা সাময়িক ভাৱে স্থগিত ৰাখিছে । বৃহস্পতিবাৰে দুপৰীয়া তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ৰ কক্ষত অনুষ্ঠিত অ ‘এন জি চি কৰ্তৃপক্ষ ,তিতাবৰ মহকুমা প্ৰশাসন আৰু জাতীয় সংগঠনৰ মাজত হোৱা ত্ৰিপাক্ষীক বৈঠকৰ অন্তত এই অৱৰোধ কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখিবলৈ সিদ্ধান্ত লয় ।

উল্লেখযোগ্য যে বুধবাৰে যোৰহাট চিনামৰা থকা অ ‘ এন জি চিৰ মুখ্য কাৰ্যালয়ত দল- সংগঠনৰ সৈতে হোৱা আলোচনাত ৰিতুল শইকীয়াক সুস্থ শৰীৰিৰে উদ্ধাৰৰ বাবে আঠ দফীয়া দাবী উত্থাপন কৰিছিল যদিও এই ক্ষেত্ৰত কোনো সিদ্ধান্ত উপনিত হোৱা নাছিল । কিন্তু কালি তিতাবৰ মহকুমা প্ৰশাসনৰ ত্ৰিপাক্ষীক আলোচনা বাবে আন্দোলনৰত জাতীয় সংগঠন কেইটাৰ সৈতে মিলিত হয় । আলোচনাত বৰহোলাৰ জাতীয় দল- সংগঠনে অ’ এন জি চিক ৰিতুল শইকীয়াক সুস্থভাৱে উদ্ধাৰ কৰা , ৰিতুলৰ বৰ্তমানৰ অৱস্থিত , ত্ৰিপাক্ষীক আলোচনা অনুষ্ঠিত কৰা , ৰিতুলক উদ্ধাৰ কৰিব বাবে চলোৱা সবিশেষ তথ্য দৈনিক অৱগত কৰা , বিষয়টো নিৰীক্ষণৰ বাবে উচ্চ পৰ্যায়ৰ এজন দায়িত্বশীল বিষয়া নিযুক্তি দিয়া , দৈনিক ৰিতুল অসুস্থ পিতৃ মাতৃক স্বাস্থ্য পৰীক্ষা কৰোৱা , যৌথ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা আৰু বৰহোলাৰ সকলো বাট পথ আৰু খোৱা পানীৰ ব্যৱস্থা কৰাকে ধৰি আঠটা দাবী উত্থাপন কৰে ।

দুঘণ্টা ধৰি চলা আলোচনাৰ অন্তত অ ‘এন চি জিয়ে এই আটাইকেইটা দাবী মানি লৈ লিখিত প্ৰতিশ্ৰুতি দিয়াত অ এন জি চিৰ বিৰুদ্ধে গঢ়ি তোলা অনিদিষ্টকালীন তৈলক্ষেত্ৰ সাময়িক ভাৱে স্থগিত ৰাখিবলৈ সন্মত হয় । উল্লেখযোগ্য যে দাবীৰ প্ৰত্ত্যুৰত অ এন জি চিয়ে ৰিতুলক উদ্ধাৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকতা দিব , ৰিতুলক উদ্ধাৰ অভিযানৰ দৈনিক তথ্য পৰিয়ালক অৱগত কৰা বাবে দুজন শীৰ্ষ বিষয়া ক্ৰমে আৰ পি এছ সিনহা আৰু প্ৰদীপ শইকীয়াক নিয়োগ কৰিছে ।

ৰিতুল অসুস্থ পিতৃ মাতৃক এটা চিকিৎসকৰ দলে দৈনিক স্বাস্থ্য পৰীক্ষা কৰাব আৰু বৰহোলাৰ বাট- পথ আৰু খোৱা পানী সু ব্যৱস্থা কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে । তদুপৰি এই দাবীসমূহ অ এন জি চি এয়ে কাৰ্যকৰী কৰিছে নে নাই তাক নিৰীক্ষণ কৰিবলৈ তিতাবৰ ৰাজহ চক্ৰ বিষয়াক নিয়োগ কৰে । আজিৰ ত্ৰিপাক্ষীক আলোচনাৰ সন্দৰ্ভত আন্দোলনৰ নেতৃত্ব লোৱা ধৰণীৰ শইকীয়াই কয় যে ৰিতুলক যিকোনো মূল্যৰ বিনিময়ত জীৱিত আৰু সুস্থ অৱস্থাত উদ্ধাৰ কৰিব লাগিব । চৰকাৰৰ বাবে সকলো সম্ভৱ । গতিকে চৰকাৰে ইচ্ছা কৰিলে সকলো কৰিব পাৰে ।

আনহাতে আজি অসমীয়া প্ৰতিদিনৰ ডিজেল সংস্কৰণ পৰেশ বৰুৱাই দিয়া বক্তব্যৰ সন্দৰ্ভত বৰহোলাৰ জাতীয় দল সংগঠনে কয় যে পৰেশ বৰুৱাৰ কথাতে অমিল আছে । কিয়নো আলফা স্বাধীনে বিবৃতিৰ জৰিয়তে তিনিও জন অপহৃতক মন জিলাৰ নগা গাঁৱবাসীক জমজায় দি মুকলি কৰি দিয়া বুলি কৈছিল । কিন্তু উদ্ধাৰ হোৱা অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈয়ে সেনাৰে হোৱা সংঘৰ্ষত জপিয়াই আত্মৰক্ষাৰ কৰা বুলি কৈছে । গতিকে এতিয়া কাৰ কথা সঁচা বুলি মানি ল’ব । গতিকে ৰিতুল বৰ্তমান যাৰ হাততেই নাথাকক কিয় মুকলি কৰি দিব লাগে।

ৰিতুল সন্দৰ্ভত পৰিয়াল এতিয়া এই কাৰণে সন্দিহান হৈ পৰিছে যে পৰেশ বৰুৱাই কোৱাৰ দৰে যদি গাঁওবাসী ওচৰত চমজায় দিয়া হলে গাঁওবাসীয়ে নিশ্চয় অৱগত কৰিলেহেঁতেন। গতিকে পৰেশ বৰুৱা কথা মানি লবলৈ টান হৈছে । সম্প্ৰতি ৰিতুলক কোনে কত ৰাখিছে আৰু শীঘ্ৰে মুকলি কৰি দিবলৈ বৰহোলা সকলো জাতীয় দল সংগঠনে দাবী জনাইছে। ইফালে এক সূত্ৰৰ পৰা জানিব পৰামতে ৰিতুলক উদ্ধাৰ বাবে গৃহ বিভাগৰ তৎপৰতা উচ্চ পৰ্যায়ৰ আলোচনা চলি আছে । আলফা স্বাধীনে ইষ্টাৰ্ণ নাগালেণ্ডৰ কন্যাক অঞ্চলত সংঘটিত কৰা এনেধৰণৰ কাৰ্যকলাপত মুঠেই সন্তুষ্ট নহয় কন্যাক ষ্টুডেণ্ট ইউনিয়ন ।

The post ত্ৰিপাক্ষীক বৈঠকৰ অন্তত বৰহোলাত অ’এন জি চিৰ বিৰুদ্ধে তৈলক্ষেত্ৰ অৱৰোধ সাময়িকভাৱে স্থগিত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3e2Urhu
via IFTTT

Comments