মে’ মাহত কমেও ১২ দিন পৰ্যন্ত বন্ধ থাকিব বেংক, জানি থওঁক বন্ধৰ দিন বোৰ

মে’ মাহত দেশৰ বেংকিং সেৱা কমেও ১২ দিন পৰ্যন্ত বন্ধ হৈ পৰিব।

বিশেষকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা বেংক বন্ধৰ কেলেণ্ডাৰৰ পৰা সেয়া নিৰ্দ্ধাৰণ কৰিব পৰা গৈছে।

১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাবে পালন কৰা হয়। এই দিনটোত প্ৰতি বছৰে দেশৰ বেংক সমূহ বন্ধ থাকে।

একেদৰে ২ মে’ৰ দিনটো হৈছে দেওবাৰ।

সেয়ে সেই দিনাও বেংক বন্ধ থাকিব।ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি ৭ মে’ৰ দিনা জামাত-ই-বিদা,১৩ মে’ত ঈদ উপলক্ষ্যে বেংক বন্ধ থাকিব।

১৪ মে’ৰ দিনটোত পৰিছে একাধিক উৎসৱ। উক্ত দিনা পৰশুৰাম জয়ন্তী,বাসৱ জয়ন্তী,অক্ষয় তৃতীয়াৰ বাবে সমগ্ৰ দেশতে নহ’লেও একাধিক ৰাজ্যত বন্ধ থাকিব বেংক সেৱা।২৬ মে’ৰ দিনটোত বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে বেংক বন্ধ থাকিব।

সপ্তাহৰ নিয়মীয়া বন্ধ সমূহ হ’ব এনে ধৰণৰ— ২ মে’ দেওবাৰ,৮ মে’ দ্বিতীয় শনিবাৰ,৯ মে’ দেওবাৰ,১৬ মে’ দেওবাৰ,২২ মে’ চতুৰ্থ শনিবাৰ,৩০ মে’ দেওবাৰ।

অৱশ্যে ৰাজ্য ভেদে উৎসৱ সমূহৰ ক্ষেত্ৰত বন্ধৰ কিছু সাল সলনি ঘটিব পাৰে। ফলত মে’ মাহটোত যদিও ১২ দিন বেংক বন্ধ থাকিব তথাপি ৰাজ্য  ভেদে সেই বন্ধ ৯ বা ১০ দিনো হ’ব পাৰে।

ক’ৰ’নাতংকৰ সময়ত বহুতে এতিয়া বেংকলৈ যোৱাৰ সলনি নেট বেংকিঙৰ বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত এয়া নিশ্চয়কৈ ভাল কথা।

বেংকত যিহেতু বহু লোকৰ সমাগম হয়, সেয়ে পৰাপক্ষত ঘৰৰ পৰাই নেট বেংকিঙৰ জৰিয়তে প্ৰয়োজনীয় লেন-দেন কৰিব পাৰিলে ক’ৰ’নাৰ সংক্ৰমণৰ ভয় ভালে খিনি কমি যাব।

চৰকাৰেও সেইবাবে নেট বেংকিঙৰ বিষয়ত অধিক গুৰুত্ব দিয়া দেখা গৈছে।

The post মে’ মাহত কমেও ১২ দিন পৰ্যন্ত বন্ধ থাকিব বেংক, জানি থওঁক বন্ধৰ দিন বোৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3eAfabI
via IFTTT

Comments