চিনামৰা মুখ্য কাৰ্যালয়ত প্ৰতিবাদী দল- সংগঠনেৰে আলোচনা অ’ এন জি চিৰ কৰ্তৃপক্ষৰ…

ডিজিটেল সংবাদ,বেকাজান :  তিতাবৰ বৰহোলাৰ অপহৃত অ ‘এন জি চিৰ কৰ্মচাৰী   ৰিতুল শইকীয়াৰ সন্ধান বিচাৰি অ ‘এন জি চিৰ বিৰুদ্ধে কালিৰে পৰা চলি থকা তৈল ক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী বৃহস্পতিবাৰেও দ্বিতীয় দিনাও অব্যাহত থাকে । অসম চৰকাৰ  , অ’ এন জি চি কৰ্তৃপক্ষ ,আৰক্ষী প্ৰশাসনে অষ্টম দিনাও  ৰিতুলৰ অৱস্থিতি সম্পৰ্কে  কোনো নিশ্চিত  তথ্য  এই পৰ্যন্ত পৰিয়ালক দিব নোৱাৰত বৰহোলাত  প্ৰবল প্ৰতিবাদ অব্যাহত আছে ।   বাৰটাকৈ জাতীয় দল সংগঠনে আৰম্ভ  কৰা এই  অনিদিষ্টকালীন  তৈল ক্ষেত্ৰ অৱৰোধ কাৰ্যসূচীত বুধবাৰে দুপৰীয়া পুনৰ ৰিতুল শইকীয়াৰ  নিজা গাঁৱৰ প্ৰায় শতাধিক মহিলাই যোগ দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শিলডুবিৰ জি জি এছৰ মূল প্ৰবেশ দ্বাৰৰ সন্মুখত অৱস্থান লৈ প্ৰতিবাদী মহিলাসকলে  আলফা স্বাধীন ,  অ ‘এন জি চি,  সেনা ,  অসম আৰক্ষী আৰু চৰকাৰক  ৰিতুলৰ শেহতীয়া অৱস্থিত জনাবলৈ  সজোৰে দাবী জনোৱাৰ লগতে যিকোনো মূল্যৰ বিনিময়ত পৰিয়ালক সুশৰীৰিৰে উভতাই দিবলৈ আহবান জনায় । 

ইফালে বিগত দুটা দিন বৰহোলা তৈল ক্ষেত্ৰ অৱৰোধ কৰাৰ ফলত অঞ্চলটো থকা কুৰিটাৰোধিক ৰীগৰ খাৰুৱা তেল উৎপাদন ব্যাহত হয় । ইফালে বৰহোলা শিলডুবি পৰা যোৰহাট লৈ দৈনিক পাইপেৰে প্ৰেৰণ কৰা খাৰুৱা তেল ক্ষেত্ৰত অ’ এন জি চিৰ লোকচানৰ সন্মুখীন হৈছে কিয়নো গোলাঘাট জিলাৰ পৰা বৰহোলা শিলডুবিলৈ  খাৰুৱা তেল পৰিবহন কৰা ট্ৰেংকাৰ চলাচল বন্ধ হৈ আছে। তদুপৰি প্ৰতিবাদী ৰাইজে জি জি এছত কৰ্মৰত আয়োগৰ কৰ্মচাৰীৰ সকলোকো কৰ্তব্যত প্ৰবেশ কৰিবলৈ দিয়া নাই ।   জাতীয় সংগঠনৰ  ধাৰাবাহিক প্ৰতিবাদত  অ ‘ এন জি চিৰ সকলো কাম ব্যাহত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অ ‘এন জি চিৰ বেচিন মেনেজাৰ , ইনষ্টলেচন মেনেজাৰকে ধৰি  শীৰ্ষ কৰ্তৃপক্ষই  বিয়লি চিনামৰা অ ‘এন জি চিৰ কাৰ্যালয়লৈ আমন্ত্ৰণ জনাই জাতীয় সংগঠনৰ নেতাসকলৰ সৈতে দ্বিতীয় বাৰ আলোচনাত মিলিত হয় । প্ৰতিবাদী ৰাইজ আৰু দল সংগঠনে পাঁচটা দাবী অ’ এন জি চিৰ ওচৰত উত্থাপন কৰিছে ।

প্ৰতিবাদৰ নেতৃত্ব লোৱা তিতাবৰ জিলা চুতীয়া যুৱ সন্মিলনৰ সভাপতি ধৰণীধৰ শইকীয়া আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ যোৰহাট জিলাৰ সভাপতি বিজয় হাজৰিকা সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈ অ’ এন জি চিৰ সৈতে এয়া দ্বিতীয় বাৰৰ বাবে আলোচনা কৰা হৈছে। এই আলোচনাত যদি আমি কোনো গ্ৰহণযোগ্য উত্তৰ নাপাওঁ আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আমাৰ দাবী স্পষ্ট যে চৰকাৰ তথা প্ৰশাসনে ৰিতুল শইকীয়াক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবই লাগিব। অন্যথা আন্দোলন আৰু অধিক জোৰদাৰ হব বুলি মন্তব্য কৰে দুয়ো নেতাই ।ইফালে পুত্ৰ সন্ধান নোলোৱালৈকে আমৰণ অনশন কৰা মাতৃ মঞ্জু শইকীয়া স্বাস্থ্য দ্বিতীয় দিনা ক্ৰমাৎ দুৰ্বল হৈ  সংকটজনক দিশে গতি কৰিছে ।

পত্নী পম্পী শইকীয়াই চাৰিমহীয়া কেঁচুৱা বুকুত সাৱটি স্বামীৰ ৰিতুলৰ অপেক্ষাত শোকত ভাগি পৰিছে । শোকাচ্ছন হৈ থকা পৰিয়ালটোক সান্তনা দিবলৈ ভাষা বিচাৰি পোৱা নাই গাঁওবাসীয়ে । আনহাতে ৰিতুল খবৰ লবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি   কোনো ৰাজনৈতিক দলৰ নেতা পৰিয়ালটোৰ কাষত থিয় নোহোৱাত বৰহোলাৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।   ইপিনে অসম আৰক্ষী এ ডি জি,  জি পি সিঙে  বিয়লি সংবাদ মাধ্যমত সেনা ,আছাম ৰাইফলছ নগা আৰক্ষী আৰু চোৰাংচোৱা তথ্যৰ ভিত্তিত ৰিতুল শইকীয়া আলফা স্বাধীন আৰু এন এছ ছি এন খাপলাং গোটৰ হাততেই থকা বুলি স্পষ্টীকৰণ দিলেও  বৰ্তমানেও সেই অৱস্থিতৰ সন্ধান উলিয়াব নোৱাৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পৰিয়াল তথা বৰহোলা দল সংগঠনে কিয়নো আলফা স্বাধীনে অদ্যপি তেওঁলোকৰ লগত  ৰিতুলৰ আছে নে নাই সেই সন্দৰ্ভত  শেহতীয়া কোনো কথা প্ৰকাশ কৰা নাই ।

বৰহোলা বাৰটা জাতীয় সংগঠনে চৰকাৰ আৰু অ ‘এন জি চিক   পুনৰ এই  বুলি স্পষ্ট কৰি দিছে  যে  যিদিনালৈকে ৰিতুলক সুশৰীৰিৰে পৰিয়ালক গতাই নিদিব  তেতিয়ালৈ এই প্ৰতিবাদ জোৰদাৰৰূপত চলি থাকিব ।  এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহব ।  উল্লেখযোগ্য  যে  এক সূত্ৰৰ মতে নাগালেণ্ডৰ মন জিলাৰ ইণ্ডো ম্যানমাৰ সীমান্তৰ ঘন অৰণ্যত  ম্যানমাৰস্থ নগা উগ্ৰপন্থী এন এছ চি এন য়ুংগ আঙৰ গোটৰ তত্ত্বাৱধানত আলফা স্বাধীনৰ হাততে ৰিতুল  থকা বুলি  সন্দেহ কৰিছে । সেনাৰ নিৰন্তৰ অভিযানৰ বাবে দলটো মন জিলাতে আবদ্ধ হৈ আছে। 

কালি সেনা আছাম ৰাইফল আৰু নগা আৰক্ষীয়ে যৌথ অভিযান অব্যাহত ৰাখিছিল যদিও ৰিতুলৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে । উল্লেখযোগ্য যে অসম ৰাইফলছৰ এগৰাকী অসমীয়া কৰ্ণেলৰ নেতৃত্বত ৰিতুল শইকীয়াৰ উদ্ধাৰ অভিযান চলি থকা বুলি জানিব পৰা গৈছে । সেনা আৰু আছাম ৰাইফলছে  আলফাই ম্যানমাৰ নগা স্বশাসিত অঞ্চল ছাগাইঙি লৈ যাব পৰা সকলোবোৰ গোপন পথৰ তীক্ষ্ণ নজৰ ৰাখিছে ।

The post চিনামৰা মুখ্য কাৰ্যালয়ত প্ৰতিবাদী দল- সংগঠনেৰে আলোচনা অ’ এন জি চিৰ কৰ্তৃপক্ষৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gLUuQA
via IFTTT

Comments