একমাত্ৰ পুত্ৰৰ ফটো বুকুত সাবটি দুৱছৰে অপেক্ষা বিধৱা মাতৃৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়াভৰা কান্দোন। দুবছৰে সন্ধান নাই একমাত্ৰ পুত্ৰৰ। পদূলিলৈ চাই পুত্ৰৰ বাবে অধীৰ অপেক্ষাৰে বৃদ্ধা মাতৃৰ কান্দোন। ২০১৯ চনৰ জুন মাহৰ ২১ তাৰিখ শুক্ৰবাৰে সন্ধিয়া ঘৰখনৰ একমাত্ৰ লৰাটো দোকানলৈ বুলি ওলাই গৈছিল। সেই যে উলাই গৈছিল, আজিলৈকে ঘুৰি নাহিল নিজ গৃহলৈ।
পুত্ৰ বিদ্যুৎ বৰাক বিচাৰি বৃদ্ধা মাতৃয়ে চলাথ কৰি কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কেতিয়াবা খোৱাৰ মজিয়াত, কেতিয়াবা শোৱাপাটীত যিকোনো মূহুৰ্ততে মাতৃৰ কানত বাজি উঠে পুত্ৰৰ মাত। পুত্ৰৰ ফটো বুকুত সাবটি উচুপি উচুপি দুৱাৰদলিত মাতৃৰ অপেক্ষা, নিৰুদ্দেশ হোৱা পুত্ৰ ঘুৰি আহিব, আকৌ মা বুলি মাতিব। বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱৰ বিদ্যুৎ বৰা নামৰ যুৱকজন বিগত দুবছৰে সন্ধানহীন হৈ আছে।
সেই দিনাই নিশা দেৰি লৈকে ঘুৰি নহাত মাতৃয়ে চিন্তিত হৈ ভোমোৰাগুৰি গাৱঁৰ ৰাইজৰ সহযোগত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নাপালে। পুৱা বিদ্যুৎ বৰাৰ দুৰ্ভগীয়া মাতৃয়ে বটদ্ৰৱা আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে। ২০১৯ চনৰ সেই দিন ধৰি একমাত্ৰ পুত্ৰক বিচাৰি বিধবা মাতৃয়ে দিহিঙে দিপাঙে বিচাৰি, পদূলি মুখলৈ চাই চকুলো টুকি দিন কতাব লগিয়া হৈছে।
উল্লেখ্য যে, সন্ধানহীন হোৱাৰ তিনি মাহ পূৰ্বে যুৱক জন বিবাহ পাশত আৱদ্ধ হৈছিল। ৪০ বছৰ বয়সীয়া, মিঠা বৰণীয়া, পাঁচ ফুট ছয় ইঞ্চি উচ্চতাৰ, যুৱক জনৰ কিবা সম্ভেদ পালে ৮৮৭৬৫৩৫৮৬৬ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া মাতৃয়ে কাতৰ আহ্বান জনাইছে।
The post একমাত্ৰ পুত্ৰৰ ফটো বুকুত সাবটি দুৱছৰে অপেক্ষা বিধৱা মাতৃৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3tVPHja
via IFTTT
Comments
Post a Comment