মাজনিশা ৫ টাকৈ ভূমিকম্পই জোকাৰি গ’ল অসম…

ডিজিটেল ডেস্ক : বুধবাৰৰে ৰাতিপুৱাৰ পৰা ধাৰাবাহিক ভাবে বহু কেইটা ভূমিকম্পই জোকাৰি যায় ৰাজ্য । বুধবাৰে নিশা ১১ বাজি ৩৮ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগতে ১২.২৪ বজাত,১.২০ বজাত,১,৪১ বজাত আৰু ১,৫২ বজাত ভূমিকম্পই জোকাৰি যায় ৰাজ্য খনক ।

ভূমিকম্প কেইটাৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ক্ৰমে ২.৮,২.৬,৪.৬,২.৩,২.৮ ।সৰ্বমুঠ ৫ টাকৈ ভূমিকম্পই মাজনিশা জোকাৰি যায় ৰাজ্য খন । ভূমিকম্প কেইটাৰ অভিকেন্দ্ৰ আছিল শোনিতপুৰ ।ইফালে সঘনাই ভূমিকম্প অহাৰ বাবে জনসাধাৰণ শংকিত হৈ পৰা দেখা গৈছে ।

The post মাজনিশা ৫ টাকৈ ভূমিকম্পই জোকাৰি গ’ল অসম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eH2kbG
via IFTTT

Comments