কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ডঃ আলোকেশ বৰুৱাৰ বিয়োগত জাতীয় পৰিষদৰ শোক…

ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা দলৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী পুলকেশ বৰুৱাৰ ভাতৃ ডঃ আলোকেশ বৰুৱাৰ অকাল মৃত্যুত অসম জাতীয় পৰিষদে গভীৰ শোক ব্যক্তি কৰিছে৷
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বৰুৱা দুদিন আগত কোভিড ৰোগত আক্ৰান্ত হৈছিল যদিও দেশৰ ৰাজধানী চহৰখনৰ কোনো এখন চিকিৎসালয়ত আসন নাপাই অৱশেষত একপ্ৰকাৰ চিকিৎসা অবিহনেই আজি পুৱতি নিশা ৩:৪৫ বজাত তেখেতৰ মৃত্যু ঘটে৷
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দিল্লীত কোভিড ১৯ অতিমাৰীৰ মাৰাত্মক অৱস্থাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ বাবে আনকি এটা অক্সিজেন চিলিণ্ডাৰো যোগাৰ কৰিব পৰা হোৱা নাছিল৷ আজি দুপৰীয়া দিল্লী চৰকাৰৰ লোকে যমুনা নৈৰ পাৰত ডঃ বৰুৱাৰ মৃতদেহৰ অন্তিম সৎকাৰ কৰে৷ একমাত্ৰ ভাতৃৰ আকস্মিক মৃত্যুত জাতীয় পৰিষদৰ বয়োজ্যেষ্ঠ নেতা শ্ৰী পুলকেশ বৰুৱা শোকত ম্ৰিয়মান হৈ পৰিছে৷
অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞাই ডঃ আলোকেশ বৰুৱাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰাৰ লগতে দলীয় সতীৰ্থ পুলকেশ বৰুৱাসহ মৃতকৰ পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি সমবেদনা ব্যক্তি কৰে৷
এক বিবৃতিত শ্ৰী গগৈ আৰু শ্ৰী ভূঞাই কয় যে ডঃ আলোকেশ বৰুৱা এগৰাকী কৃতী অসম সন্তান আছিল আৰু তেখেতৰ মৃত্যু অসম কথা দেশৰ বাবে এক অপূৰণীয় ক্ষতি৷ আনহাতে, ডঃ বৰুৱাই উপযুক্ত চিকিৎসা অবিহনেই প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিয়ে কেনে ভয়াৱহ এখন ছবি প্ৰকট কৰি থৈ গৈছে, সেয়া সকলোয়ে উপলব্ধি কৰা উচিত বুলিও দলৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে মত প্ৰকাশ কৰে৷
The post কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ডঃ আলোকেশ বৰুৱাৰ বিয়োগত জাতীয় পৰিষদৰ শোক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aJ6xdz
via IFTTT
Comments
Post a Comment