ৰাজ্যত ইটোৰ পিছত সিটো ভূমিকম্প : মাজনিশা কঁপাই গ’ল অন্য এক ভূমিকম্পই সমগ্ৰ ৰাজ্য

২৮ তাৰিখৰ পুৱাৰে পৰাই ছেগা-চোৰোকাকৈ ইটোৰ পিছত ভূমিকম্পই জোঁকাৰি আছে সমগ্ৰ ৰাজ্যৰ লগতে দাঁতি কাষৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ।

সোমাবৰে পুৱা ৭.৫১ মিনিট ২৫ ছেকেণ্ডৰ ভূমিকম্পটোৰ পিছৰ পৰা ৰাজ্যত কেবাটোও কম প্ৰাৱল্যৰ অনুভূত হয়।

ইফালে যোৱা নিশা প্ৰায় ১.২০.৪৩ ছেকেণ্ডত অন্য এটা ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসমৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া ৰাজ্যৰ অঞ্চলসমূহ।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৬ মেগনিটিউড।

ভূগৰ্ভৰ ১৯ কিলোমিটাৰত উৎপত্তি হোৱা ভূনিকম্পটোৰ অভিকেন্দ্ৰ হৈছে শোণিতপুৰ জিলা।

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ পৰা ৩৬ কিলোমিটাৰৰ দূৰত্বত ঢেকীয়াজুলিৰ পৰা ৪ কিলোমিটাৰ নিলগত। ভূমিকম্পটোৱে চুবুৰীয়া দেশ ভূটান, বাংলাদেশ আৰু চীনৰ একাংশ অঞ্চলকো জোঁকাৰি যায়।

ভূমিকম্পটোৰ পৰা বিশেষ ক্ষতি ক্ষতি বাতৰি এতিয়াও অহা নাই।

উল্লেখ্য যে বুধবাৰৰ পুৱা প্ৰৱল্য ভূকম্পনৰ পিছৰে পৰা ৰাজ্যত প্ৰায় ১৫ টাকৈ মৃদু ভূমিকম্পই জোঁকাৰি গৈছে।

  • ৮.০৩ বজাত ৪.৭ প্ৰাৱল্যৰ দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি।
  • ৮.১৩ বজাত ৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰিছিল ৰাজ্য। অভিকেন্দ্ৰ শোণিতপুৰ।

 

  • ৮.২৫ বজাত ৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।
  • ৮.২৫ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

 

  • ৮.৪৪ বজাত ৩.৬ প্ৰাৱল্যৰভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।
  • ৮.৪৪ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

 

  • ১০.০৫ বজাত ৩.২ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ নগাওঁ।
  • ১০.২৯ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

 

  • ১০.৩৯ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।
  • ১২.৩২ত ২.৯ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ মৰিগাওঁ।

 

  • ২.৩৪ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।
  • ৩.৫৫ বজাত ২.৯ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ।

 

The post ৰাজ্যত ইটোৰ পিছত সিটো ভূমিকম্প : মাজনিশা কঁপাই গ’ল অন্য এক ভূমিকম্পই সমগ্ৰ ৰাজ্য appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2QDTbsl
via IFTTT

Comments