এসময়ত তেওঁ বিক্ৰী কৰিছিল কমলা; দেশৰ সংকটত নিজৰ ৮৫লাখ জমা টকাৰে কিনিলে অক্সিজেন

এইগৰাকী মহানুভৱ ব্যক্তিয়ে কেনেদৰে চানেকি গঢ়িলে চাওক। মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰিবহন ব্যৱসায়ী প্যাৰে খানে নিজৰ ৮৫লাখ টকা খৰচ কৰি হাস্পাতালে হাস্পাতালে ৪০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰিছে।

ইয়াৰ বাবে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা তেওঁক টকা দিব বিচৰা হৈছে যদিও তেওঁ লোৱা নাই।

বৰ্তমান এগৰাকী কোটিপতি প্যাৰে খানে এসময়ত জীৱনৰ আৰম্ভণি কৰিছিল ৰে’ল ষ্টেশ্যনৰ বাহিৰত কমলা বিক্ৰী কৰি। এতিয়া নাগপুৰত তেওঁৱেই ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

কৰ’নাৰ সংক্ৰমণৰ ফলত চহৰখনত অকসিজেনৰ অভাৱৰ ঘটনাত প্যাৰে ব্যথিত হৈ পৰে। হাস্পাতলসমূহত অক্সিজেন চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে নাই পৰ্যাপ্ত যোগান। এনে অৱস্থাত অসহায় ৰোগীসকলৰ কাষত থিয় হোৱাৰ মানসেৰে তেওঁ অক্সিজেন যুঁজত নামি পৰে।

প্যাৰে খানে ৰুৰকেল্লা, ভিলাই, বৰেলিৰ দৰে চহৰৰ পৰা বজাৰ দৰতকৈ অধিক দাম দি অক্সিজেন টেংকাৰ কিনি নাগপুৰৰ হাস্পাতলসমূহত যোগান ধৰিবলৈ আৰম্ভ কৰে।

বাতৰি অনুসৰি, এতিয়ালৈকে প্যাৰে খানে নাগপুৰলৈ ৪০০ মেট্ৰিক টন অক্সিজেন আনিছে। প্যাৰে জানিবলৈ দিয়ে যে ৰমজান মাহত আৰ্তজনৰ কাষত থিয় দিয়াটো তেওঁৰ এক কৰ্তব্য।

প্যাৰে খানে তেওঁৰ বাল্যকাল নাগপুৰৰ তাজ বাগ অঞ্চলত কটাইছে। ১৯৯৫চনত তেওঁ কমলা বিক্ৰী কৰি জীৱন নিৰ্বাহ আৰম্ভ কৰিছিল। ইয়াৰ পাছত তেওঁ অটোৰিক্সা চলাবলৈ আৰম্ভ কৰে।

ইয়াৰ পৰাই লাহে লাহে পৰিবহন ব্যৱসায়ত নামি পৰে প্যাৰে। এতিয়া তেওঁ ৩০০খন ট্ৰাকৰ মালিক। তেওঁ মুঠতে ৪০০কোটি টকাৰ সম্পত্তিৰ গৰাকী।

কিন্তু কেবল নাগপুৰেই নহয় এতিয়া সমগ্ৰ দেশেই তেওঁক চিনি পাইছে সম্পত্তিৰ বাবে নহয়, এগৰাকী মানৱ দৰদী, সুহৃদ তথা ত্ৰাণকৰ্তাৰ পৰিচয়েৰে।

The post এসময়ত তেওঁ বিক্ৰী কৰিছিল কমলা; দেশৰ সংকটত নিজৰ ৮৫লাখ জমা টকাৰে কিনিলে অক্সিজেন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2QH7Ym5
via IFTTT

Comments