ভাৰতৰ কাষত গুগল আৰু মাইক্ৰচফ’টঃ গুগলে দিলে ১৩৫কোটি টকা…

ডিজিটেল ডেস্কঃ কোৰোনাই বিধ্বস্ত কৰা ভাৰতক সহায়ৰ বাবে আগবাঢ়ি আহিছে googleৰ লগতে মাইক্ৰচফ’টৰ বিশ্বৰ আগশাৰী প্ৰতিষ্ঠান। শেহতীয়াকৈ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে ঘোষণা কৰিছে যে, কোৰোনাৰ সৈতে যুঁজিবলৈ গুগলে ভাৰতক ১৩৫কোটি টকাৰ আৰ্থিক সাহাস্য প্ৰদান কৰিছে। এই আৰ্থিক সাহায্যই সকলো শ্ৰেণীৰ লোকক বিশেষকৈ পিছপৰা শ্ৰেণীৰ লোকক সহায় হোৱাকৈ ব্যয়ৰ বাবে আহ্বান জনাইছে গুগলে।

ইফালে মাইক্ৰচফ’টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাইও ভাৰতক সহায় কৰাৰ কথা সদৰি কৰিছে। তেওঁ কয় যে, ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিৰ দ্বাৰা হৃদয় ভংগ হৈছে। মই কৃতজ্ঞ যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে সহায় কৰিবলৈ আমাৰ সৈতে একত্ৰিত হৈছে। অনাগত সময়ত অক্সিজেন প্ৰদানৰ লগতে চিকিতসা সম্পৰ্কীয় সজুৱি ক্ৰয়ত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাই।

The post ভাৰতৰ কাষত গুগল আৰু মাইক্ৰচফ’টঃ গুগলে দিলে ১৩৫কোটি টকা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QvAtmE
via IFTTT

Comments