মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ সমালোচনা : মোডীয়ে দেশক এক চুপাৰ পাৱাৰ কৰি তুলিছে…

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতক চুপাৰ পাৱাৰ বনাইছে ।কিয়নো আজি কোনো বিদেশী ভয়তে ভাৰতলৈ আহিবলৈ সাজু নহয় । এই মন্তব্য কৰে মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে । কোভিডৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবে চৰকাৰক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

অনলাইন যোগে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কমল নাথে কয় যে – ” মোডীজীয়ে ভাৰতক এক চুপাৰ পাৱাৰ কৰি তুলিছে আৰু ভয়ত কোনেও ভাৰতলৈ আহিবলৈ সাজু নহয়।” তেওঁ লগতে কয় যে ” ভাৰতে আজি পাকিস্তান আৰু বাংলাদেশৰ পৰা সহায় বিচাৰিব লাগিব। আমি আপোনাক অক্সিজেন টেংকাৰ (ভাৰতলৈ) প্ৰেৰণ কৰিছো, পাকিস্তানে কয়। ”

The post মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ সমালোচনা : মোডীয়ে দেশক এক চুপাৰ পাৱাৰ কৰি তুলিছে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eGQHS7
via IFTTT

Comments