কোভিড প্ৰট’কল মানি গনতন্ত্ৰৰ উৎসৱত পশ্চিমবংগৰ জনতাক অংশ ল’বলৈ আহ্বান নৰেন্দ্ৰ মোডীৰ…

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হয় । ভোটগ্ৰহনৰ সময়ত কোভিড প্ৰট’কল মানি গনতন্ত্ৰৰ উৎসৱত অংশ ল’বলৈ পশ্চিমবংগৰ জনসাধাৰণক আহ্বান জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

টুইট যোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় – ২০২১ চনৰ পশ্চিম বংগ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন আজি অনুষ্ঠিত হয়। কোভিড-১৯ প্ৰট’কলৰ সৈতে মানি মই লোক সকলক তেওঁলোকৰ ভোট দান কৰিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ সমৃদ্ধ কৰিবলৈ আহ্বান জনাইছো।

ইফালে ৰাতিপুৱা ৭ বজাৰ পৰা ৩৫ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহন। অষ্টম পৰ্যায়ৰ ভোটগ্ৰহনত ৮৪ লাখতকৈ অধিক ভোটাৰে ২৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব ।ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

The post কোভিড প্ৰট’কল মানি গনতন্ত্ৰৰ উৎসৱত পশ্চিমবংগৰ জনতাক অংশ ল’বলৈ আহ্বান নৰেন্দ্ৰ মোডীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qx2UAR
via IFTTT

Comments