কোৰোনাৰ ভয়াবহতাৰ মাজতে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহন আৰম্ভ…

ডিজিটেল ডেস্ক : কোৰোনাৰ ভয়াবহতাৰ মাজতে বৃহস্পতিবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হয় । ৰাতিপুৱা ৭ বজাৰ পৰা ৩৫ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহন। অষ্টম পৰ্যায়ৰ ভোটগ্ৰহনত ৮৪ লাখতকৈ অধিক ভোটাৰে ২৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব ।

ইফালে নিৰ্বাচন আয়োগে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাই । ৰাজ্যখনত বুধবাৰে কোভিডত ১৭,২০৭ জন লোক আক্ৰান্ত হোৱাৰ লগতে ৭৭ লোকৰ মৃত্যু হয় । ইপিনে অষ্টম পৰ্যায়ৰ নিৰ্বাচনত যাতে কোনো ধৰনৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ।

The post কোৰোনাৰ ভয়াবহতাৰ মাজতে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহন আৰম্ভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3vpMd92
via IFTTT

Comments