দিল্লীত অসমৰ কিশোৰীক যৌন উৎপীড়ন চলাই হত্যা
গুৱাহাটী: পেটৰ দায়ত ৰুগীয়া পিতৃক সকাহ দিয়াৰ উদ্দেশ্যে দিল্লীলৈ চাকৰি বিচাৰি যোৱা ধুবুৰী জিলাৰ বহলপুৰৰ ছৈবাৰী চাহ বাগিচাৰ এগৰাকী কিশোৰী যৌন উৎপীড়নৰ বলি হৈ অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তর্গত বহলপুৰ অঞ্চলৰ ছৈবাৰী চাহ বাগিচাৰ আক্লু লাইন নিৱাসী ধৰম উৰাও আৰু বিনীতা উৰাওৰ দ্বিতীয় কন্যা আৰতি উৰাও (১৭) যোৱা ১৪ ফেব্রুৱাৰীত একেখন চাহ বাগিচাৰ বাসিন্দা তথা দিল্লীত কর্মৰত গীতা লাক্রা নামৰ সম্বন্ধীয় মামীয়েক এগৰাকীৰ লগত চাকৰি বিচাৰি দিল্লীলৈ যায়৷ দীর্ঘদিন ধৰি পৰিয়ালৰ আর্থিক দৈন্য দেখি আধাতে বিদ্যালয় এৰি আৰতিয়ে ঘৰ আৰু ৰুগীয়া পিতৃক সকাহ দিয়াৰ বাবে মাতৃৰ পৰামর্শতে গীতা লাক্রাৰ লগত দিল্লীলৈ গৈ কেইদিনমান গীতাৰ লগতে আৰতি থাকে৷ পাছত গীতা লাক্রাই নতুন দিল্লীৰ মোবাৰকপুৰৰ ঋষিনগৰস্থিত সুমিত এণ্টাৰপ্রাইজ নামৰ নিয়োগকাৰী সংস্থা এটাত আৰতিক গতাই দিয়ে৷
জনৈক ৰঞ্জিত আৰু ৰঞ্জু নামৰ পতি–পত্নীৰ মালিকানাধীন এই সংস্থাটোৱে পাছত আৰতি উৰাওক দিল্লীৰ অশোক নগৰস্থিত বসুন্ধৰা এনক্লেভৰ বিশ্বকর্ম এপার্টমেণ্টৰ ৪৭ নম্বৰ ফ্লেটত বসবাস কৰা এটা পৰিয়ালৰ ওচৰত এক বুজন পৰিমাণৰ ধনৰ বিনিময়ত বনকৰা ছোৱালী নিযুক্ত কৰে৷ অভিযোগ মতে সেই তেতিয়াৰ পৰা আৰতিয়ে শাৰীৰিক–মানসিক নির্যাতনৰ বলি হৈ পৰিয়ালটোক পৰিচর্যা কৰি থাকে৷ শেষত ২৬ এপ্রিলৰ পুৱাৰ ভাগত আৰতিৰ মাকলৈ দিল্লীৰ পৰা এটা ফোনকল আহে আৰু ফোনত কয় যে আৰতিয়ে আগনিশা অর্থাৎ ২৫ এপ্রিলত নিজে বাস কৰা কোঠাৰ চিলিং ফেনত চিপ লগাই আত্মহত্যা কৰিছে৷ এনে দুঃসংবাদ শুনি পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে৷ আৰতিৰ মাকে লগে লগে দিল্লীত থকা গীতা লাক্রাক কথাটো জনায় আৰু গীতা লাক্রা ঘটনাস্থলীত উপস্থিত হয় যদিও অভিযুক্ত পৰিয়ালটোৱে আৰতিৰ মৃতদেহ দর্শন কৰাৰ সুবিধাও নিদিয়ে আৰু কি পৰিস্থিতিত আৰতিৰ মৃত্যু হ’ল, তাকো জনাবলৈ অস্বীকাৰ কৰে৷ ঘটনাস্থলীৰ পৰিস্থিতি দেখি গীতা লাক্রাও বিপাঙত পৰে আৰু এয়া এক হত্যাকাণ্ড বুলি মাতৃক অৱগত কৰে৷
শেষত সদৌ আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি বাবলু মুণ্ডা আৰু সম্পাদক টাৰজেন কুজুৰৰ সহযোগত আৰতিৰ মাতৃ বিনীতা উৰাওৱে চাপৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি তেওঁৰ কন্যাক যৌন আতিশয্য চলাই হত্যা কৰা বুলি দাবী কৰে৷ এজাহাৰত মাতৃ বিনীতা উৰাওৱে দাবী কৰে যে কোনো কাৰণতে আৰতিয়ে আত্মহত্যা কৰিব নোৱাৰে৷ হয় যৌন উৎপীড়ন কৰি তাইক শাৰীৰিক–মানসিক চাপ দিয়া হৈছিল, নহয় গৃহস্থই আৰতিক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে৷ জানিব পৰা মতে, এতিয়াও স্থানীয় হাস্পতালৰ মর্গত আৰতিৰ মৃতদেহ পৰি আছে মৰণোত্তৰ পৰীক্ষা নোহোৱাকৈ৷ ইতিমধ্যে দুগৰাকী সম্বন্ধীয় লোক মৃতদেহ চমজি লোৱাৰ বাবে দিল্লীলৈ বিমানযোগে ৰাওনা হৈছে৷ ইফালে আছাৰ ধুবুৰী জিলা সমিতিয়ে দুর্ভগীয়া আৰতি উৰাওৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰু দিল্লী চৰকাৰক দাবী জনাই দোষী ব্যক্তিক দৃষ্টান্তমূলক শাস্তি দিবলৈ অনুৰোধ জনাইছে৷
The post দিল্লীত অসমৰ কিশোৰীক যৌন উৎপীড়ন চলাই হত্যা appeared first on News Live TV.
from News Live TV https://ift.tt/3xyulL1
via IFTTT
Comments
Post a Comment