তিনি দশকৰ পিছত ওভতিল আলফা(স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ, বৰ্তমান সেনাৰ জিম্মাত মৰাণ
আলফা(স্বা) সংগঠনৰ পৰা অব্যাহতি দিয়া শীৰ্ষ নেতা জীৱন মৰাণ অৱশেষত তিনিটা দশকৰ পিছত ওভতি আহিল মূলসুঁতিলৈ।
এক বিশেষ সূত্ৰই কৰা দাবী অনুসৰি ম্যানমাৰৰ ঘন অৰণ্যৰ শিবিৰৰ পৰা স্বগৃহৰ অভিমুখে ওভতি অহা আলফা(স্বা)ৰ অন্যতম শীৰ্ষ নেতাগৰাকী বৰ্তমান ভাৰতীয় সেনাৰ জিম্মাত আছে।
অৱশ্যে এই সম্পৰ্কে আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই।
মেজৰ জেনেৰেল জীৱণ মৰাণে স্বাস্থ্য আৰু বয়সজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহতি বিচাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আলফা(স্বা)ৰ বয়োজ্যেষ্ঠ নেতাগৰাকীক সংগঠনটোৰ পৰা অব্যাহতি প্ৰদান কৰিছে।
সূদীৰ্ঘ প্ৰায় চাৰিটা দশক উত্তৰ পূৱ ভাৰতৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দি অহা ৬৭ বছৰীয়া জীৱন মৰাণক সম্পূৰ্ণ স্বাস্থ্যজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহিত দিয়াৰ কথা সংগঠনটোৱে এক বিবৃতিৰ যোগে প্ৰকাশ কৰিছিল।
উল্লেখ্য যে ১৯৮৪ চনত আলফাত যোগদান কৰি দ্বিতীয় বেটচৰ সদস্য হিচাপে ম্যানমাৰ কাচিন আৰ্মিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই সুদীৰ্ঘ ৩৭ বছৰ ধৰি বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে।
আলফাত থকা অৱস্থাত জীৱন মৰাণে ১৯৯০ চনৰ ভাৰতীয় সেনাৰ বৰজং অপাৰেশ্যন পিছতে অৰুণাচল প্ৰদেশৰ মানভূম অঞ্চলত আলফাৰ নতুনকৈ নিৰ্মাণ কৰা শিবিৰৰ দায়িত্বত আছিল।
বজৰং অপাৰেশ্যনৰ আৰু ভূটানৰ অপাৰেশ্যন অল ক্লীয়াৰ পিছত পূৰ্বৰ তুলনাত ভাঙি পৰা আলফাক পুনৰ শক্তিশালী কৰাৰ দায়িত্বত নিজকে নিয়োজিত কৰি আহিছিল জীৱন মৰাণে।
যুদ্ধ বিৰতি তথা আলোচনাপন্থী আলফাৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰি জীৱন মৰাণে আলফা(স্বা) বিত্ত সম্পাদকৰ দায়িত্ব পালন কৰি বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দিয়াতহে মনোনিৱেশ কৰে।
প্ৰায় ৩৭ বছৰৰ পিছত সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা মেজৰ জেনেৰেল জীৱন মৰাণে অসুখীয়া স্বাস্থ্যৰ চিকিৎসা গ্ৰহণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবনত থকা নিজ গৃহত জীৱনৰ বাকী কালছোৱা পৰিয়ালৰ সৈতে কটাব বুলি জানিব পৰা গৈছে।
The post তিনি দশকৰ পিছত ওভতিল আলফা(স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ, বৰ্তমান সেনাৰ জিম্মাত মৰাণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3eGz6tk
via IFTTT
Comments
Post a Comment