পুৱাৰ খবৰ…

১. অসমত পুনৰ ২৪৭৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৩৩০জন গোলাঘাট, ১৯১জন নগাঁৱৰ, ১৮০জন যোৰহাটৰ আৰু ১৭৯জন শোণিতপুৰৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫০৮৪৮৪জনলৈ পাইছে বৃদ্ধি। ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩০৫৩জন লোক। আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩০জন লোকৰ মৃত্যু হৈছে। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫০৮৮জন লোক।

২. পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনাম দাখিল কৰিছে NIA য়ে। প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈৰ বিৰুদ্ধে উত্থান হোৱা বহু কেইটা অভিযোগৰ পৰা দোষ মুক্ত ঘোষণা কৰিছে আদালতে। শেহতীয়াকৈ চাবুৱা গোচৰত দোষমুক্ত হোৱা অখিল গগৈৰ সন্মুখত আছিল চানমাৰি থানাৰ এটা গোচৰ। এই গোচৰত দোষ মুক্ত হ’লেই অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব পাৰিব বুলি তেওঁৰ অনুৰাগীসকলে আশা কৰিছিল। কিন্তু অখিল গগৈৰ সন্মুখত আহি পৰিছে আন এক প্ৰত্যাহ্বান।

৩. অসুস্থ হৈ পৰিছে বলিউদৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰ। অসুস্থ অভিনেতাগৰাকীক হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিছে অভিনেতাজন। মাত্ৰ ১০ দিনৰ পূৰ্বে দিলীপ কুমাৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি অনা হৈছিল। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগাৰ বাবেই ৯৮ বছৰীয়া দিলীপ কুমাৰক ৬ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অভিনেতা জনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই অনুৰাগীসকলে তেওঁৰ সুস্থাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে। ইফালে অভিনেতাজনৰ পৰিয়াল আৰু চিকিৎসালয়ৰ ফালৰ পৰা অভিনেতাজনৰ স্বাস্থ্য সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

৪. চলিত ইউৰো কাপত আন এক বৃহৎ অঘটন। ডিফেণ্ডিং চেম্পিয়ন পৰ্টুগাল, ফ্ৰান্সৰ পাছত এইবাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে। মঙ্গলবাৰে ইংলেণ্ডৰে হোৱা মেচখনত ২-০ৰ ব্যৱধানত পৰাস্ত হ’ল বিশ্ব চেম্পিয়ন জাৰ্মানী। মেচখনৰ প্ৰথমাৰ্দ্ধৰ খেল গ’ল শূন্য ভাৱে সমাপ্ত হৈছিল যদিও দ্বিতীয়াৰ্দ্ধৰ খেলৰ ৭৫ মিনিটত ইংলেণ্ডৰ ৰহিম ষ্টাৰলিঙে এটা গ’ল কৰি দলক অগ্ৰগতি দিয়ে। ইয়াৰ পাছত জাৰ্মানীয়ে সমতা স্থাপনৰ বাবে যুজঁ দিয়ে যদিও ৮৬ মিনিটত ইংলেণ্ডৰ হৈ হাৰিকেনে হেডাৰেৰে আন এটা গ’ল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতেই বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে ইংলেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰু প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।

৫. ৰাজ্যখনৰ সৰ্বশ্ৰেণী নাগৰিকৰ মূৰত মাধমাৰ সোধাই ৰাজ্যখনত উদ্ভৱ হোৱা নিত্য ব্যৱহার্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিলে ঢকুৱাখনাত। ভাৰতীয় কমিউনিষ্ট পাৰ্টি  আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি ( মাৰ্ক্সবাদী)ৰ  ঢকুৱাখনা স্থানীয় সমিতিৰ উদ্যোগত ঢকুৱাখনাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

৬. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকালৈ আগবঢ়োৱা হৈছে কেবিনেট মৰ্যাদা। ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ সুবিধা হোৱাকৈ ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ। তথ্য প্রযুক্তি বিভাগক এই দায়িত্ব প্রদান কৰিছে কেবিনেটে। আৰক্ষী কনিষ্টবলৰ পৰা আৰম্ভ কৰি উপ পৰিদৰ্শকলৈ সকলোকে এমাহৰ বাধ্যতামূলক ছুটিৰ সিদ্ধান্ত গ্ৰহণ। যিসকলৰ লগত পৰিয়াল আছে তেওঁলোকক অতিৰিক্তভাৱে ১০ দিনৰ ছুটি দিয়াৰ সিদ্ধান্ত। সুলভ মূল্যৰ দোকানৰ বাবেও লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্রতি কুইণ্টল চাউলৰ বাবদ সুলভ মূল্যৰ দোকানক দিয়া হ’ব ১৪৩ টকাৰ কমিছন।

৭. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে দেশৰ ১৬খন ৰাজ্যত পিপিপি মডেলৰ মাধ্যমত ভাৰতনেটৰ সংশোধন বলবৎ কৰাৰ ৰণনীতিৰ বাবে মঞ্জুৰি প্ৰদান কৰে। ইয়াৰ দ্বাৰা এই ১৬খন ৰাজ্যৰ ভিতৰুৱা গাঁওবাসীয়ে লাভ কৰিব অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ সুবিধা। এই যোঁজনাৰ বাবে প্ৰায় ১৯হাজাৰ কোটিৰ টকা ব্যয়ৰ অনুমতি প্ৰদান কৰা হৈছে। বাচনি কৰা এই ৰাজ্য কেইখন ক্ৰমে- কেৰালা, কৰ্ণাটক, ৰাজস্থান, হিমাচলপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিম বংগ, অসম মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচলপ্ৰদেশ।

৮. যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে অসম-মেঘালয় সীমান্তত থকা এখন কাঠৰ দলং উটুৱাই নিয়াৰ লগতে মানকাচৰৰ কালাপানী-টেপৰপাৰা সংযোগী একমাত্ৰ পথটো ছিঙি নিয়াত কালাপানী, পানকাটা টেপৰপাৰা এলেকা কৃত্ৰিম বানৰ কবলত পৰি শতাধিক লোকৰ ঘৰ জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে।

৯. অৰুণাচল প্ৰদেশৰ পাংগিঙত দলং ভাগি চিয়ুম নদীত ডুব যোৱা ডাম্পাৰ আৰু তাত থকা অসমৰ তিনিজন যুৱকৰ এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই। বুধবাৰে ইষ্ট ছিয়াং জিলা প্ৰশাসনৰ অনুৰোধত ১৩০ জনীয়া এন ডি আৰ এফৰ দল এটাই দুৰ্ঘটনা সংঘটিত হোৱা স্থানত অনুসন্ধান চলায়। ঘটানাস্থলীৰ পৰা চাৰিশ মিটাৰ আগলৈকে বুধবাৰে অনুসন্ধান চলোৱা হয়। ডুবাৰু, প্ৰকাণ্ড চুম্বক আৰু নাও আদি ব্যৱহাৰ কৰি চলোৱা অভিযানত ডাম্পাৰখনৰ কোনো সন্ধান পোৱা নগ’ল। যি ঠাইত ডাম্পাৰখন দলঙৰ কৰা খহি পৰিছিল সেই ঠাইত নদীৰ গভীৰতা প্ৰায় ২০ মিটাৰ বুলি এনে ডি আৰ এফৰ এজন বিষয়াই জানিবলৈ দিছে। 

১০. কামৰূপ জিলাৰ বকোত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, বকো থানাৰ অন্তৰ্গত বালাপাৰাগাঁৱৰ ধীৰেণ দাস (৩০) নামৰ লোকগৰাকীয়ে মঙলবাৰে নিশা ঘৰৰ কিছু দূৰৈত নতুনকৈ সঁজা পকীঘৰত মটৰেৰে পানী দিবলৈ যায় । নিশা ঘৰলৈ ঘূৰি নহাত ধীৰেণ দাসক বুধবাৰে ৰাতিপুৱা পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি নতুনকৈ সঁজা ঘৰত পৰি থকা দেখিবলৈ পায়। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hkmF7P
via IFTTT

Comments