নেদেখাজনক প্ৰাৰ্থনাঃ শিশু-কিশোৰ আৰু কোৰোনা…

ৰাজৰ্ষি চহৰীয়া
কোৰোনা কেতিয়া সম্পূৰ্ণৰূপে শেষ হ’ব? কোনদিনা সকলোৱে পূৰ্বৰ দৰে জীৱন যাপন কৰিব পাৰিব? এইবোৰে প্ৰশ্ন এতিয়া সকলোৰে মাজত। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো এতিয়াও প্ৰতিদিনাই হাজাৰ হাজাৰ লোক এই ভাইৰাছত সংক্ৰমিত হৈ আছে। এই কথা নিশ্চিত যে পূৰ্বৰ তুলনাত কিছু হ’লেও হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ। কিন্তু ই সম্পূৰ্ণ ৰূপে শেষ হোৱা নাই। কোৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ যেতিয়া সৰ্বাধিক আছিল তেতিয়া দেশৰ লগতে ৰাজ্যতো বহু বাধ্য-বাধকতা তথা নীতি-নিয়ম মানিবলগীয়া হৈছিল। কিন্তু লাহে লাহে সেয়া হ্ৰাস পাবলৈ ধৰিছে।
কেৱল অসমৰে কথা যদি ক’বলৈ যাওঁ তেন্তে অসমত ২০২১ বৰ্ষৰ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ আৰম্ভণিৰ সময়চোৱাৰ পৰা কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰে। কিন্তু তাৰপাছত লাহে লাহে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ই এক ভাল খবৰ। যাৰ বাবে চৰকাৰ তথা প্ৰশাসনেও ২৮ জুন, ২০২১ত কৰে এক গুৰুত্বপূৰ্ণ ঘোষণা। কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যত বিয়লি ৪ বজালৈকে সকলো দোকান-পোহাৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰে।
২৮ জুন, ২০২১ৰ পৰা ৪ জুলাই, ২০২১লৈ এই নীতি-নিয়ম অব্যাহত থাকিব। তাৰপাছত পুনৰ কোৰোনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি-হ্ৰাস চাই নতুন এছ অ’ পি যোগে জনোৱা হ’ব ৰাজ্যবাসীক যে অধিক শিথিলতা প্ৰদান কৰিব নে পুনৰ কাৰ্ফিউৰ সময় বঢ়াই দিয়া হ’ব। এইবোৰ সময়ত সকলোৱে জানিব পাৰিব। কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথা হ’ল কোৰোনাত আক্ৰান্ত লোকৰ ভিতৰত শিশু-কিশোৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ই অতি চিন্তনীয় দিশ।
শেহতীয়াকৈ নেশ্যনেল হেল্থ মিছন, অসমৰ এক তথ্যত জানিব পৰা গৈছিল যে ৰাজ্যৰ কিমান শিশু আৰু কিশোৰ যোৱা তিনি মাহত আক্ৰান্ত হৈছে কোভিড-১৯ত। ১ এপ্ৰিল, ২০২১ৰ পৰা ২৬ জুন, ২০২১লৈকে কোভিডৰ দ্বিতীয় ঢৌত শূন্যৰ পৰা ১৮ বছৰৰ ভিতৰৰ ৩৪৬০৬গৰাকী শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে এই ভাইৰাছত।
২০২০ বৰ্ষত এই সংখ্যা কম আছিল যদিও এইবাৰ কিন্তু শিশু আৰু কিশোৰ ভালেই কেইজন আক্ৰান্ত হৈছে কোৰোনাত। এনএইচএম অৰ্থাৎ নেশ্যনেল হেল্থ মিছন, অসমৰ তথ্য অনুসৰি, এই ৩ মাহত কোৰোনাত আক্ৰান্তৰ ভিতৰত ৫৭৫৫জন ৫ বছৰৰ তলৰ আৰু ২৮৮৫১জন ৬ৰ পৰা ১৮ বছৰৰ ভিতৰত শিশু আৰু কিশোৰ।
ইয়াতকৈও ভয়াৱহ কথাটো হৈছে যে এই তিনিমাহৰ সময়চোৱাত ৫ বছৰৰ তলৰ ৩৪টি শিশুৰ প্ৰাণো কাঢ়ি নিছে কোৰোনা ভাইৰাছে। উত্তৰ-পূবৰ মুল দুৱাৰ স্বৰূপ কামৰূপ মহানগৰীতেই এই সংখ্যা সৰ্বাধিক। কামৰূপ মেট্ৰ’ত যোৱা তিনি মাহত কোৰোনাত আক্ৰান্ত হৈছে ৫৩৪৬জন শিশু আৰু কিশোৰ। তাৰপাছতে ২৪৩০জন আক্ৰান্তৰে দ্বিতীয় স্থানত আছে ডিব্ৰুগড়। ঠিক একেদৰে ২২৮৮জনৰে তৃতীয় স্থানত নগাঁও, ২০২৩জনৰে চতুৰ্থ স্থানত কামৰূপ গ্ৰাম্য আৰু ১৮৩৯জন আক্ৰান্তৰে শোণিতপুৰ আছে পঞ্চম স্থানত।
ইফালে, ১ এপ্ৰিল, ২০২১ৰ পৰা ৩০ জুন, ২০২১ৰ সময়চোৱাত যদি চাই কেৱল নগাঁৱতে ১৯৮০জন শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। আৰু এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে জিলাখনত ২৫৩জন ৰোগী। এই সময়চোৱাত জিলাখনত ০ৰ পৰা ১ বছৰৰ ২২জন, ২ৰ পৰা ৫ বছৰলৈ ২৪০জন, ৬ৰ পৰা ১৪বছৰলৈ ১০১৯জন আৰু ১৫ৰ পৰা ১৮ বছৰ বয়সলৈ ৬৯৯জন শিশু-কিশোৰ কোৰোনাত আক্ৰান্ত হৈছে। এই সংখ্যা কেৱল এখন ৰাজ্যৰ।
শিশু তথা কিশোৰ এই ভাইৰাছত আক্ৰান্ত হোৱাটো অতি চিন্তাৰ কাৰণ হোৱাৰ লগতে যোৱা ১০ দিনত অৰ্থাৎ ২১ জুনৰ পৰা ৩০ জুনলৈ জিলা ভিত্তিক মুঠ কোৰোনাত আক্ৰান্তৰ সংখ্যা এনেধৰণৰ- গোলাঘাটত সৰ্বাধিক ২৫৩৬জন, শোণিতপুৰত ১৯৮৮জন, কামৰূপ মেট্ৰ’ত ১৬৪১জন, যোৰহাটত ১৫৮৭জন নগাঁৱত ১৫১৯জন ডিব্ৰুগড়ত ১৫১৪জন, বিশ্বনাথত ১৩৪৮জন, মৰিগাঁৱত ১১৭৫জন, কামৰূপ গ্ৰাম্যত ১১৫৮জন, তিনিচুকীয়াত ১০২৩জন, লখিমপুৰত ৯৭৮জন, গোৱালপাৰাত ৮৭৩জন , শিৱসাগৰত ৮৫৫জন, কাচাৰত ৮০৮জন, ধেমাজিত ৬৬৩জন, বাক্সাত ৫৯৯জন, বৰপেটাত ৫৭৫জন, নলবাৰীত ৫৬৪জন, কাৰ্বি আংলঙত ৫৫২জন, কৰিমগঞ্জত ৫৪৪জন, দৰঙত ৫০০জন, কোকৰাঝাৰত ৪৭৬জন, ওদালগুৰিত ৪০৯জন, চৰাইদেউত ৩৬৬জন, হোজাইত ৩১৭জন, বঙাইগাঁৱত ২৬৭জন, চিৰাঙত ২৩৭জন, ধুবুৰীত ২৩৫জন, মাজুলীত ২০৬জন, ডিমা হাচাওত ১৭৪জন, হাইলাকান্দিত ১৪১জন, পশ্চিম কাৰ্বি আংলঙত ১১৫জন আৰু দক্ষিণ শালমাৰাত ৩৬জন লোক।
উল্লেখ্য যে, ৩০ জুন, ২০২১ৰ দিনটোত স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি, অসমত নতুনকৈ ২৬৭২জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ইয়াৰ বিপৰীতে ১৯৯৬জন লোক সুস্থ হৈছে যদিও কোভিডে কাঢ়ি নিছে ২৭জন লোকৰ প্ৰাণ। ইফালে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫৬৯২জন ৰোগী। ৰাজ্যত নতুনকৈ কোৰোনাত আক্ৰান্তৰ ভিতৰত ৩৩২জন গোলাঘাট, ১৯৯জন নগাঁৱৰ, ১৭৫জন শোণিতপুৰ আৰু ১৭২জন বিশ্বনাথৰ। বুধবাৰৰ দিনটোত অসমত পজিটিভিটী হাৰ ২.৬৪জন হোৱাৰ বিপৰীতে ৰিকভাৰী হাৰ ৯৩.৭৭ শতাংশ হৈছেগৈ।
ইয়াৰ মাজতে লক্ষণীয় কথাটো হ’ল যে শিশু আৰু কিশোৰৰ কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ দৰে পজিটিভিটী হাৰো বৃদ্ধি পাব নেকি? অৱশ্যে ইয়াৰ বাবে ৪ জুলাইলৈ অপেক্ষা কৰিব লাগিব। কিয়নো শিথিলতা বৃদ্ধি কৰিলে কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই নে নাপায় সেই দিশটো চোৱাৰ পাছতহে জানিব পৰা যাব যে শিথিলতা বৃদ্ধিয়ে এই মহামাৰীৰ পৰা আমাক দূৰ কৰিবলৈ সক্ষম হৈছে নে অধিক কাষলৈ নি আছে। অৱশ্যে এই কথাও সত্য যে আমি সকলোৱে কোভিড প্ৰট’ক’ল তথা নিয়ম-নীতিবোৰ মানি চলিব লাগিব। অথবা পুনৰ সংক্ৰমণ বৃদ্ধি পালে সকলোৱে ঘৰত আকৌ আৱদ্ধ হ’ব লাগিব। আৰু হয়তো হেৰুওৱাব লাগিব আপোনজনক। আৰু যদি এনে ভয়াৱহ দিনবোৰ ঘূৰি আঁতৰি যোৱাতো সকলোৰে আশা তেন্তে চৰকাৰ-প্ৰশাসনে বান্ধি দিয়া সকলো নিয়ম মানি পূৰ্বৰ ভাল দিনবোৰ ঘূৰি অহাৰ প্ৰাৰ্থনা জনাব লাগিব নেদেখাজনক…
The post নেদেখাজনক প্ৰাৰ্থনাঃ শিশু-কিশোৰ আৰু কোৰোনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3y91E6P
via IFTTT
Comments
Post a Comment