১মিনিটত ২৫খবৰ…

১

১. দেশজুৰি পালন ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই দিৱসল উপলক্ষে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চিকিৎসক সকলক জনাই শুভেচ্ছা।

২. বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক। দিল্লীত বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মিলিত হয় তেওঁ।

৩. দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় আফগানিস্তানৰ এজন নাগৰিকক। ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰা সময়তে গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

৪. উত্তৰপ্ৰদেশত পুনৰ ১৪৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬৮০৯৮০জনলৈ পাইছে বৃদ্ধি।

৫. বৃহস্পতিবাৰৰ দিনটোত কেৰালাত ১২৮৬৮জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। উক্ত দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১২৪জনৰ মৃত্যু।

৬. হিমাচলপ্ৰদেশৰ কুল্লু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। ৫০০ গ্ৰাম ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

৮. গোৱাত পুনৰ ২৩১জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৭৮জন ৰোগী।

৯. যোৱা ২৪ ঘন্টাত দিল্লীত ৯৩জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৩৪২৮১জনলৈ পাইছে বৃদ্ধি।

১০. মুম্বাইত ভুৱা ভেকচিনৰ ঘটনাৰ তদন্ত অব্যাহত। আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰে এই ঘটনাৰ সৈতে জড়িত ১৩জন লোকক।

১১. ‘দেশৰ ১৩০কোটি নাগৰিকৰ তৰফৰ পৰা মই চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰিছো।’- চিকিৎসক দিৱসত এনেদৰে ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১২. অসমৰ তিনিখন জিলাত কৰোনাৰ সংক্ৰমণ বৃদ্ধি। কামৰূপ মেট্ৰ, গোলাঘাট, শোণিতপুৰত বাঢ়িছে কৰোনাৰ সংক্ৰমণ।

১৩. কোভিডৰ সমান্তৰালকৈ বানত জুৰুলা সাধাৰণ ৰাইজ। প্ৰতিবছৰে বানত সৰ্বহাৰা হয় লাইকা দধীয়াবাসী।

১৪. অসমতে ওলাইছে বৰবিহ ড্ৰাগছ প্ৰস্তুত কৰা কাৰখানা। গোৱালপাৰাত সুৰংগ সাজি স্থাপন কৰা আণ্ডাৰগ্ৰাউণ্ড কাৰখানা উত্খাত কৰিলে আৰক্ষীয়ে।

১৫. এফালে কৰোনাৰ ভয়াবহতা, আনফালে ভেকছিনৰ নাটনি। ব্যাপক প্ৰতিষেধক অভিযান আৰম্ভ কৰাৰ তিনি দিনৰ পিছৰে পৰা নোহোৱা হ’ল ভেকচিনৰ যোগান

১৬. অৱশেষত শিক্ষা বিভাগে ৰাজহুৱা কৰিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল মূল্যায়নৰ পদ্ধতি। মূল্যায়ন পদ্ধতিত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে পুনৰ অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত।

১৭. বৰক্ষেত্ৰী কংগ্ৰেছত পুনৰ মোক্ষম আঘাত বিজেপিৰ। পুনৰ বিজেপিৰ দখললৈ কংগ্ৰেছৰ দখলত থকা পঞ্চায়ত। অনাস্থাৰে ভংগ ৬০নং কান্ধবাৰী-দাগাপাৰা গাঁও পঞ্চায়ত।

১৮. মৰিগাঁৱৰ ভুৰাগাঁৱৰ শিশু ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তই দিছে শিহৰণকাৰী স্বীকাৰোক্তি। হত্যা কৰি ধৰ্ষণ কৰা হৈছিল ৯ বছৰীয়া কণমানিজনীক।

১৯. কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি অভব্য আচৰণ কৰা DTO কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বন।

২০. কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী অজিত দাসক কাৰাগাৰলৈ। দুদিনৰ আৰক্ষী জিম্মাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ অজিতক

২১. APSC কেলেংকাৰিৰ নতুন মোৰ। ২১জন ACS-APS বিষয়ালৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ। ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে চমন জাৰি কৰিলে ২১ ৰাজপত্ৰিত বিষয়াক।

২২. ফিডে অনলাইন কেডেট-ৰেপিড বিশ্বকাপ দবাৰ ভাৰতীয় দলত মৃণ্ময়। ১০ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় অনলাইন প্ৰতিযোগিতাত দ্বিতীয় স্থান মৃণ্ময় ৰাজখোৱাৰ।

২৩. শিলচৰত ২০ লাখ টকা মূল্যৰ নিচা জাতীয় টেবলেট জব্দ, দুজনক গ্ৰেপ্তাৰ

২৪. দলং নিৰ্মান কাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ চৌহদৰ পৰা মূল্যবান যন্ত্ৰ-পাতি,সা-সামগ্ৰী হৰলুকি। কলিয়াবৰ চুলুঙত ট্ৰাক সহ দুৰ্ধৰ্ষ দুই চোৰক গ্ৰেপ্তাৰ।

২৫. বোকাখাতৰ ২ নং গৰৈমাৰীত অনাময় আঁচনিত দুৰ্নীতিৰ অভিযোগ : টি এক পি কে কৰ্মীলৈ মৃত্যুৰ ভাবুকী ঠিকাদাৰৰ গুণ্ডা বাহিনীৰ।

The post ১মিনিটত ২৫খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qEiWX3
via IFTTT

Comments