বিশ্বনাথ জিলা আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান…

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে।উল্লেখ্য যে বিশ্বনাথ জিলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে জিলাখনৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আছে।কিন্তু তাৰ মাজতে কালি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মতে জিলাখনৰ প্ৰতিখন থানাই জিলাখনত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে চলাই বিশেষ অভিযান।

এই অভিযানত বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দল,গহপুৰ ,বিহালী, চতিয়া আৰু জিনজিয়া আৰক্ষী থানাৰ অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১০৫০ টা অবৈধ সুৰাৰ বটল। লগতে দুজন অবৈধ সুৰা বেপাৰীক ধৰিবলৈ সক্ষম হয়।জিলাখনত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে জিলা বাসীয়ে আৰক্ষীৰ শলাগ লৈছে।এইফালে বিশ্বনাথ জিলা আৰক্ষীয়ে এই অবৈধ সুৰা, গাঞ্জা আৰু ড্ৰাগচৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে জিলাৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে।

The post বিশ্বনাথ জিলা আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3y5EazE
via IFTTT

Comments