শিল চুৰিৰ ফটো সংগ্ৰহ কৰাৰ বাবে অপদস্থ হ’ল সাংবাদিকঃ বন সুৰক্ষাৰ বাবে গঠন কৰিবলগীয়া হৈছে বিশেষ সমিতি

ডিজিটেল সংবাদ দুমুনিচকীঃ পাহাৰৰ শিল চুৰি কৰি থকা ফটো সংগ্ৰহ কৰাৰ বাবেই শৰীৰিকভাৱে অপদস্থ হ’বলগীয়া হ’ল অসমীয়া প্ৰতিদিনৰ সংবাদিক চালেহউদ্দিন চৌধুৰী। মান্দাকাটা অঞ্চলৰ পাহাৰৰ শিলত অবৈধভাৱে বিস্ফোৰণ ঘটাই শিল চুৰি কাৰ্যত জড়িত উমিদ আলী, মইনুল হক, জলিলি আলী, মকবুল হক নামৰ ব্যক্তি কেইজনে সংবাদকৰ্মীজনক শাৰীৰিকভাৱে অপদস্থ কৰিছে। ইতিমধ্য এই আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে বাইহাটা চাৰিআলি থানাত গোচৰ ৰুজু কৰা হৈছে।
ক্লিক কৰি পঢ়কঃ অসাধু ব্যৱসায়ীৰ পাহাৰ খননঃ গঠন কৰা হ’ল বন সুৰক্ষা সমিতি
উল্লেখ্য যে মান্দাকাটা অঞ্চলৰ সেউজ পাহাৰ বোৰ অসাধু ব্যক্তিৰ কৱলত পৰি এতিয়া টকলা হৈ পৰিছে। পাহাৰৰ গছ কাটি, মাটি কাটি, শিল ভাঙি ধ্বংস কৰিছে মান্দাকাটা অঞ্চলৰ সেউজ প্ৰকৃতি। সেয়েহে এই অপ কৰ্মক ৰোধ কৰিবল পূব কামৰূপ অঞ্চলৰ কেইবাখনো গাঁৱৰ সচেতন ৰাইজৰ প্ৰচেষ্টাত মান্দাকাটৰ বন সুৰক্ষাৰ বাবে গঠন কৰিবলগীয়া হৈছে মান্দাকাটা আঞ্চলিক বন সুৰক্ষা সমিতি। মান্দাকাটা অঞ্চলত নিৰৱচ্ছিন্নভাৱে পাহাৰৰ শিলত বিস্ফোৰণ কৰাৰ উপৰিও পাহাৰৰ ৰঙা মাটি খনন কৰি বিক্ৰী কৰা কাৰ্যও চলি আছে। নিজকে ৰাজনৈতিক নেতা বুলি জাহিৰ কৰা দালাল প্ৰকৃতিৰ একাংশ স্থানীয় যুৱকৰ বাবে অসাধু ব্যৱসায়িয়ে পাহাৰসমূহ নিজৰ কবললৈ নিয়াৰ সাহস পোৱা বুলিও স্থানীয় ৰাইজৰ অভিযোগ আছে।
উত্তৰ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত অঞ্চলটোৰ সমীপতে দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া, দেউদুৱাৰ খণ্ড বন বিষয়া আৰু মদনকামদেৱ খণ্ড বন বিষয়াৰ কাৰ্যালয় থকাৰ পিছতো মান্দাকাটাৰ পাহাৰৰ পৰা নিতৌ ৰঙা মাটিৰ লগতে শিল চুৰি আৰু পাহাৰত বিস্ফোৰণকাৰ্য অব্যাহত আছে। যাৰ বাবে স্থানীয় সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰি আহিছে। মান্দাকাটাৰ পাহাৰ আৰু বন সুৰক্ষাৰ বাবে গঠন কৰা মান্দাকাটা বন সুৰক্ষা সমিতিয়ে একাংশ দুৰ্ণীতিগ্ৰস্ত বন বিষয়াৰ ছত্ৰছায়াত অসাধু ব্যৱসায়িয়ে ৰাজহ ফাঁকিৰে খনিজ সম্পদৰ ব্যৱসায় চলাই থকা কাৰ্য সম্পৰ্কে শীঘ্ৰে সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্ত্তৃপক্ষক অবগত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে।
The post শিল চুৰিৰ ফটো সংগ্ৰহ কৰাৰ বাবে অপদস্থ হ’ল সাংবাদিকঃ বন সুৰক্ষাৰ বাবে গঠন কৰিবলগীয়া হৈছে বিশেষ সমিতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dPiss7
via IFTTT
Comments
Post a Comment