ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ আশংকাৰ মাজতে ধুবুৰীত শিশুক ‘পি চি ভি’ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ
নিউমোক’ক্কাল সংক্ৰমণৰ ফলত হোৱা নিউমোনিয়া, মেনিনজাইটিছ, ছেপ্টিছেমিয়াৰ দৰে ৰোগৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ বাবে ধুবুৰী জিলাত স্বাস্থ্যবিভাগে ক’ৰ’নাতংকৰ মাজতে ‘পি চি ভি’ প্ৰতিষেধক প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত এক অনুষ্ঠানত ‘নিউমোক’ক্কাল কনজুগেট’ নামৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷
ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ কেবাটাও শিশুক অনুষ্ঠানত ভেকচিন প্ৰদান কৰা হয়৷
স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালক সহিতে স্বাস্থ্য বিভাগৰ কেবাজনো বিষয়া, কেবাগৰাকী আশা আৰু নাৰ্ছ অনুষ্ঠানত উপস্থিত থাকে৷
শিশুৰ জন্মৰ পৰা ছয় সপ্তাহ, ১৪ সপ্তাহ আৰু ৯ মাহত মুঠ তিনি পালিকৈ এই প্ৰতিষেধক প্ৰদান কৰা হ’ব৷
শিশুক প্ৰদান কৰা আন আন নিয়মীয়া প্ৰতিষেধকৰ দৰে ‘পি চি ভি’ প্ৰতিষেধকো সকলো চৰকাৰী স্বাস্থ্যকেন্দ্ৰত বিনামূলীয়াকৈ দিয়া হ’ব৷
এই ভেকচিনে নিউমোক’ক্কাছ বেক্টেৰিয়াই সৃষ্টি কৰা নিউমোক’ক্কাল সংক্ৰমণৰ ফলত হোৱা মেনিনজাইটিছ, ছেপ্টিচেমিয়া, নিউমোনিয়া আদি ৰোগৰ পৰা শিশুসকলক সুৰক্ষা দিব৷
উল্লেখ্য যে নিউমোক’ক্কাল নিউমোনিয়াত ভাৰতত ২০১০ চনত ১.০৫ লাখ লোক আৰু ২০১৫ চনত ৫৩,৩০০ লোকৰ মৃত্যু হৈছিল৷ দুবছৰতকৈ কম বয়সৰ শিশু এনে ৰোগত অধিক আক্ৰান্ত হয়৷
সেয়ে সকলো নৱজাতককে নিৰ্দিষ্ট সময়ত এই ভেকচিন দিয়াবলৈ ধুবুৰী জিলা উপায়ুক্তই সকলো পিতৃ-মাতৃ আৰু অভিভাৱকক আহ্বান জনায়৷
The post ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ আশংকাৰ মাজতে ধুবুৰীত শিশুক ‘পি চি ভি’ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3jxJKXs
via IFTTT
Comments
Post a Comment