খালী আছে ৮০ হাজাৰ নতুনকৈ সৃষ্টি কৰিব ২০ হাজাৰ পদ

গুৱাহাটীঃ   এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ বাবে ৰাজ্যৰ ৫৭টা বিভাগত খালী হৈ আছে ৮০ হাজাৰ পদ৷ বুধবাৰে এই কথা সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ৰাজ্যিক কেবিনেটে ইতিপূর্বে গঠন কৰি দিয়া কমিটীয়ে সকলো বিভাগৰ পৰা খালী হৈ থকা পদ আৰু নতুন পদ সৃষ্টি সন্দর্ভত প্রতিবেদন লাভ কৰাৰ পাছত নিযুক্তি সন্দর্ভত বহুখিনি কাম সম্পূর্ণ কৰি তুলিছে৷

হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা বাজেট পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি সাংবাদিকৰ আগত এই কথা প্রকাশ কৰাৰ লগতে বিত্তমন্ত্রীগৰাকীয়ে কয়– ৰাজ্যৰ ৫৭টা বিভাগলৈ কমিটীয়ে পত্র প্রেৰণ কৰি কিমান পদ খালী আছে আৰু নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, সেই সম্পর্কত তথ্য বিচাৰিছিল৷ ইতিমধ্যে সৰহসংখ্যকে এই সন্দর্ভত সবিশেষ প্রতিবেদন দাখিল কৰিছে৷ সেই অনুসৰি ৮০ হাজাৰ পদ খালী হৈ থকাৰ বিপৰীতে ২০ হাজাৰ পদ সৃষ্টিৰ পথ মুকলি আছে৷ অচিৰেই এই সন্দর্ভত বিস্তৃত প্রতিবেদন প্রস্তুত কৰা হ’ব৷ উল্লেখ্য যে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত হয় বাজেট সম্পর্কীয় পর্যালোচনা৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, সাধাৰণ সম্পাদক তপন গগৈ, পল্লৱলোচন দাসৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা আৰু বিষয়ববীয়া উপস্থিত থকা বৈঠকখনত আগন্তুক বাজেট সম্পর্কত বিভিন্ন পৰামর্শ গ্রহণ কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ এই বৈঠকৰ পাছতেই মন্ত্রী নেওগে কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ চৰকাৰখনে ৰাজ্যৰ প্রতিটো স্তৰৰ প্রতিজন নাগৰিকক স্পর্শ কৰিব পৰা এখন বাজেট ৰাইজক উপহাৰ দিব৷ বাজেট সন্দর্ভত ইতিমধ্যে ৰাজ্যৰ বিভিন্নজনৰ পৰামর্শ গ্রহণৰ বাবে মুকলি কৰা ই–মেইল আৰু হোৱাট্ছএপযোগে ৮ হাজাৰতকৈ অধিক পৰামর্শ বিত্ত বিভাগে লাভ কৰিছে৷ এই পৰামর্শসমূহ আগত লৈ বাজেট প্রস্তুত কৰা হ’ব৷ উল্লেখ্য যে অহা ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশন৷ অহা ১৬ জুলাইত বিত্তমন্ত্রী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰিব চলিত বর্ষৰ বাজেট৷ মুখ্যতঃ এই বাজেটক লৈয়ে আজি ৰাজ্যিক বিজেপিৰ কার্যালয়ত অনুষ্ঠিত পর্যালোচনা বৈঠকত দলৰ নির্বাচনী ভিজন ডকুমেণ্টত উল্লেখ থকা বিষয়সমূহ সাঙুৰি বাজেট প্রস্তুত কৰাৰ বাবে বিত্তমন্ত্রীগৰাকীক দলৰ তৰফৰ পৰা পৰামর্শ প্রদান কৰা হয়৷

The post খালী আছে ৮০ হাজাৰ নতুনকৈ সৃষ্টি কৰিব ২০ হাজাৰ পদ appeared first on News Live TV.



from News Live TV https://ift.tt/3dw1Cyi
via IFTTT

Comments