টীয়কত মেগা ভেকচিন কেন্দ্ৰ বন্ধ হোৱাৰ উপক্ৰম, তিনিদিনে নাই ভেকচিন

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিছিল মেগা ভেকচিন কেন্দ্ৰ স্থাপনৰ যোগেদি প্ৰতি দিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰিব।

সেই অনুযায়ী যোৱা ২১ জুনৰ পৰা ৰাজ্যৰ অনান্য স্থানৰ লগতে যোৰহাট জিলাৰ টীয়কতো বিভিন্ন স্থানত ভেকচিন প্ৰদানৰ বাবে কেন্দ্ৰ স্থাপন কৰিছিল স্বাস্থ্য বিভাগে।

বিগত সপ্তাহত শিক্ষা মন্ত্ৰী ডা:ৰাণোজ পেগু আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই টীয়কৰ কেইবাটাও ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰদান কৰিছিল ।

কিন্তু এই কেন্দ্ৰ সমূহত যোৱা তিনিদিন ধৰি ভেকচিনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ।যাৰ বাবে পুৱতি নিশা ভেকচিন কেন্দ্ৰ সমূহৰ সন্মুখত ৰাইজে শাৰী পাতি পুৱা যেতিয়া ভেকচিন নথকা বুলি অৱগত হৈ ঘৰলৈ উভতি যাব লগা হৈছে ।

ভেকচিন কেন্দ্ৰ সমূহত ভেকচিন নাই বুলি অৰা হোৱা নাই কোনো জাননীও । ইপিনে ভেকচিন নল’লে চৰকাৰী কৰ্মচাৰীক দৰমহা প্ৰদান কৰা নহয় বুলি চৰকাৰে ঘোষণা কৰাৰ পাছত এতিয়া ভেকচিনৰ অভাৱে বিমোৰত পেলাইছে সাধাৰণ ৰাইজৰ লগতে চৰকাৰী কৰ্মচাৰী সকলক।

টীয়ক আছুৱে চৰকাৰক তৎকালীনভাৱে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে l

The post টীয়কত মেগা ভেকচিন কেন্দ্ৰ বন্ধ হোৱাৰ উপক্ৰম, তিনিদিনে নাই ভেকচিন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3dPgCYf
via IFTTT

Comments