বিদেন প্ৰশাসনে চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতি হিচাবে নিযুক্তি দিলে ভাৰতীয় মূলৰ ছালিনাক
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিদেনৰ প্ৰশাসনে চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতিৰ পদত উপবিষ্ট কৰোৱালে এগৰাকী ভাৰতীয় মূলৰ মহিলাক।
ছালিনা ডি কুমাৰ নামৰ ভাৰতীয় মূলৰ মহিলাগৰাকীয়ে মিচিগানৰ চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতি হিচাবে নিযুক্তি লাভ কৰিছে।
ছালিনাই ইয়াৰ পূৰ্বে ২০০৭ চনৰ পৰাই অকলেণ্ডৰ ষষ্ঠ চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য ছালিনাই হৈছে আমেৰিকাৰ মিচিগানৰ চাৰ্কিট কোৰ্টৰ ফেডাৰেল জাজ হিচাবে নিযুক্তি লাভ কৰা দক্ষিণ এছিয়াৰ প্ৰথমগৰাকী মহিলা।
হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত কোৱা হৈছে যে ছালিনাই সাধাৰণ গোচৰৰ লগতে ফৌজদাৰীগোচৰ সমূহো চোৱা-চিতা কৰিব।
মিচিগান বিশ্ব বিদ্যালয়ৰ পৰা তেওঁ ১৯৯৩ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।ইয়াৰ পিছতে তেওঁ ১৯৯৬ চনত ডেট্ৰইট-মাৰ্চি স্কুল অব ল’ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।
২০০৭ চনৰ ২০ আগষ্টত তেওঁক অকলেণ্ডৰ ষষ্ঠ চাৰ্কিট কোৰ্টৰ ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰিছিল।
বিদেন প্ৰশাসনে ছালিনাৰ বাহিৰেও আন বহু কেইগৰাকী ভাৰতীয় মূলৰ লোকক দেশ খনৰ বহু উচ্চ পদবীত অধিষ্ঠিত কৰিছে।
ইয়াৰ পূৰ্বে ভাৰতীয়-আমেৰিকান ছাব্ৰিনা সিঙক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ কাৰ্যকালত হোৱাইট হাউছৰ ডেপুটি প্ৰেছ চেক্ৰেটাৰী হিচাপে নিযুক্ত হৈছে।
ছাব্ৰিনা সিং বিডেন-হেৰিছ প্ৰচাৰ অভিযানৰ উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত কমলা হেৰিছৰ প্ৰেছ চেক্ৰেটাৰী আছিল।
ছাব্ৰিনাই পূৰ্বে ডেম’ক্ৰেটিক নেশ্যনেল কমিটিৰ ডেপুটি কমিউনিকেশ্যন ডিৰেক্টৰ, আমেৰিকান ব্ৰীজ’ছ ট্ৰাম্প ৱাৰ ৰুমৰ মুখপাত্ৰ আৰু ২০১৬চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিলাৰী ক্লিন্টনৰ ৰিজ’নেল কমিউনিকেশ্যন ডিৰেক্টৰ হিচাপেও কাম কৰিছিল।
The post বিদেন প্ৰশাসনে চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতি হিচাবে নিযুক্তি দিলে ভাৰতীয় মূলৰ ছালিনাক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2TfIo9d
via IFTTT
Comments
Post a Comment