আজি মেট্রিক–উচ্চতৰ মাধ্যমিকৰ প্রকাশ পাব মূল্যায়নৰ ফর্মুলা
গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষার্থীক কিদৰে উত্তীর্ণ কৰোৱা হ’ব, তাক লৈ দুখনকৈ কমিটীয়ে প্রতিবেদন দাখিল কৰাৰ পাছত কাইলৈ এই সন্দর্ভত গ্রহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত৷ বুধবাৰে এই কথা ঘোষণা কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিশেষজ্ঞ কমিটীয়ে প্রতিবেদন দাখিলৰ পাছত ইয়াক মহাধিবক্তালৈ প্রেৰণ কৰা হৈছিল৷ আজি মহাধিবক্তাই এই দুয়োখন প্রতিবেদনৰ ওপৰত তেওঁৰ আইনী দিশ উল্লেখ কৰাৰ পাছত মুখ্যমন্ত্রীৰ অনুমোদনৰ বাবে প্রেৰণ কৰা হ’ব৷ ইয়াৰ পাছত কাইলৈ দুপৰীয়াৰ ভাগত আনুষ্ঠানিকভাৱে পৰীক্ষাৰ মূল্যায়নৰ ফর্মুলা ৰাজহুৱা কৰা হ’ব৷
উল্লেখ্য যে মেট্রিক পৰীক্ষাৰ মূল্যায়ন সন্দর্ভত গঠন কৰা কমিটীৰ নেতৃত্ব দিছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ আলোক বুঢ়াগোহাঁই আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাৰ মূল্যায়ন কমিটীক নেতৃত্ব দিছে কুমাৰ ভাস্কৰ বার্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচার্য দীপক কুমাৰ শর্মাই৷ ইতিমধ্যে দুয়োখন কমিটীয়ে পৰীক্ষাৰ মূল্যায়ন পদ্ধতিৰ প্রতিবেদন সন্দর্ভত যোৱা শুকুৰবাৰে শিক্ষামন্ত্রী ৰণোজ পেগুক দাখিল কৰিছিল৷ উক্ত প্রতিবেদন শিক্ষা বিভাগে ৰাজ্যৰ মহাধিবক্তালৈ প্রেৰণ কৰাৰ পাছত পৰৱর্তী সময়ত এই প্রতিবেদন আইন বিভাগলৈ প্রেৰণ কৰা হৈছিল৷
শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে মূল্যায়ন পদ্ধতি সন্দর্ভত শিক্ষা বিভাগে অধিক বিলম্ব কৰিব বিচৰা নাই৷ আজি সন্ধিয়াৰ ভাগত মহাধিবক্তাই প্রতিবেদনৰ ওপৰত তেওঁৰ আইনী দিশ উল্লেখ কৰাৰ পাছত ইয়াক মুখ্যমন্ত্রীৰ অনুমোদনৰ বাবে প্রেৰণ কৰা হ’ব আৰু চৰকাৰী জাননী প্রকাশ কৰা হ’ব৷ মূল্যায়ন প্রতিবেদন সন্দর্ভত কাইলৈ ৰাজহুৱাভাৱে সকলো দিশ প্রকাশ কৰা হ’ব৷ ইফালে বিগত বর্ষৰ একাংশ ছাত্রীয়ে স্কুটী লাভ নকৰাৰ প্রসংগত শিক্ষামন্ত্রীগৰাকীয়ে আজি কয় যে ২০১৮, ২০১৯ আৰু ২০২০ বর্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষত উত্তীর্ণ হোৱা ৪,১০৫গৰাকী ছাত্রীয়ে স্কুটী নোপোৱাৰ যি অভিযোগ উত্থাপন হৈছিল, সেয়া পৰীক্ষা কৰাৰ পাছত ৯৫গৰাকী ছাত্রী স্কুটীৰ বাবে যোগ্য বুলি চিহ্ণিত হৈছে৷ এই ছাত্রীসকলক অচিৰেই স্কুটী প্রদান কৰা হ’ব৷
The post আজি মেট্রিক–উচ্চতৰ মাধ্যমিকৰ প্রকাশ পাব মূল্যায়নৰ ফর্মুলা appeared first on News Live TV.
from News Live TV https://ift.tt/3dyZA0h
via IFTTT
Comments
Post a Comment